বঙাইগাঁওঃ
ভাৰত ৰত্ন বঁটাৰে বিভূষিত ড° ভূপেন হাজৰিকাই অসমীয়া গীত- কথা সৃষ্টিৰে বিশ্বৰ বুকুত এজন গণশিল্পী হোৱাই নহয় , অসমীয়া জাতিক জগত সভালৈ নিছে ৷ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ ৷দেওবাৰে অসম সাহিত্য সভাই বঙাইগাঁও জিলাৰ তুলুঙীয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত উদযাপন কৰা ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্ম দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰি ড° ৰাজবংশীয়ে এনেদৰে কয় ৷ উল্লেখ্য যে বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত তথা কাকৈজানা শাখা সাহিত্য সভা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সহযোগত অসম সাহিত্য সভাই সুধাকণ্ঠৰ জন্মদিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰে ৷ এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় মুকলি সভা ৷ অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ পূৰ্বে সভাপতি ৰাজবংশীয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মহাবিদ্যালয়খনৰ অধ্যাপিকা বনলতা দাসে আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাত উদ্দেশ্যে ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ সম্পাদক গণেশ নাথে ৷ ইপিনে উদ্বোধনী ভাষণত অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ নাথে সুধাকন্ঠলৈ শ্ৰদ্ধা জনাই সুধাকন্ঠৰ জীৱনৰ ওপৰত আলোকপাত কৰে ৷ অনুষ্ঠানত ভবানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই নিৰ্দিষ্ট বক্তাৰূপে অংশ লৈ সুধাকন্ঠই সকলো জাতি - জনজাতিৰ মাজত একতা আৰু মানৱতাৰ গানেৰে সকলোকে উদ্বুদ্ধ কৰি একতাৰ এনাজৰী সৃষ্টি কৰি যোৱা অৱদানৰ বিষয়ে বক্তব্য দাঙি ধৰে ৷ আনহাতে সভাৰ মুখ্য অতিথি কলকাতাৰ বিশিষ্ট সাহিত্যিক তথা কেবাখনো মূল্যৱান অসমীয়া ভাষাৰ গ্ৰন্থ বঙালী ভাষালৈ অনুবাদ কৰি খ্যাতি অৰ্জন কৰা শক্তিময় দাসে তেওঁৰ ভাষণত ড° ভূপেন হাজৰিকাৰ স'তে লাভ কৰা সান্নিধ্যৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে ভূপেন হাজৰিকাই অকল অসমীয়া গানতে সীমাৱদ্ধ নাথাকি বাংলা, হিন্দী আৰু ইংৰাজী ভাষাৰ উপৰি অন্য ভাষাতো গানৰ সৃষ্টি কৰি সমাজৰ সকলো শ্ৰেশীৰ বাবে গানেৰে সংস্কাৰ কৰাৰ চেষ্টা কৰিছিল ৷
অনুষ্ঠানত কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকতেও সুধাকন্ঠৰ ওপৰত আলোকপাত কৰে ৷ সেইদৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° গুনীন্দ্ৰ নাথ দাস, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা ,বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাস আদিয়েও ভাষণ ৰাখে ৷ ইপিনে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে ভাৰতৰত্ন লোকপ্ৰিয় বৰদলৈৰ নামত বৰঝাৰ বিমান বন্দৰ কেন্দ্ৰীয় চৰকাৰে উছৰ্গা কৰাৰ দৰে উত্তৰ পূৱত সুধাকন্ঠকো ভাৰত ৰত্ন হিচাপে তেওঁৰ নামত তেনেদৰে উল্লেখযোগ্য স্থানক নামাকৰণ কৰিবলৈ দাবী জনায় ৷ সভাপতিগৰাকীয়ে লগতে কয় যে অসম সাহিত্য সভাই এইবেলি সুধাকন্ঠৰ স্মৃতি দিৱস বাংলাদেশত তিনিদিনীয়া কৈ উদযাপন কৰাৰ লগতে মামণি ৰয়চম গোম্বামীৰ স্মৃতিত অচিৰেই ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰাৰ কথাও উল্লেখ কৰে ৷ ইপিনে বঙাইগাঁও শাখা সাহিত্য সভাইও সুধাকণ্ঠৰ ৯৩ সংখ্যক জন্ম দিন উদযাপন কৰে ৷ সেইদৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলেও সুধাকণ্ঠৰ ওপজা দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷
- Log in to post comments
- 45 views