বঙাইগাঁৱৰ তুলুঙীয়াত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ কেন্দ্ৰীয়ভাৱে জন্মদিৱস পালন অসম সাহিত্য সভাৰ

sahitya sava

বঙাইগাঁৱৰ প্ৰতিবেদক

ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ড° ভূপেন হাজৰিকাই অসমীয়া গীত-কথা সৃষ্টিৰে বিশ্বৰ বুকুত এজন গণশিল্পী হোৱাই নহয় ,অসমীয়া জাতিক জগত সভালৈ নিছে ৷ এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ ৷দেওবাৰে অসম সাহিত্য সভাই বঙাইগাঁও জিলাৰ তুলুঙীয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত  উদযাপন কৰা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ  ৯৩ সংখ্যক জন্ম দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰি ড° ৰাজবংশীয়ে এনেদৰে কয়। উল্লেখ্য যে বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত তথা কাকৈজানা শাখা সাহিত্য সভা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ সহযোগত অসম সাহিত্য সভাই সুধাকণ্ঠৰ জন্মদিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰে ৷এই উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় মুকলি সভা ৷ অসম সাহিত্য সভাৰ সভাপতি ডঃপৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ পূৰ্বে সভাপতি ৰাজবংশীয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মহাবিদ্যালয়খনৰ অধ্যাপিকা বনলতা দাসে আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাত উদ্দেশ্যে ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ সম্পাদক গণেশ নাথে ৷ ইফালে,উদ্বোধনী ভাষণত অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ নাথে সুধাকন্ঠলৈ শ্ৰদ্ধা জনাই সুধাকন্ঠৰ জীৱনত আলোকপাত কৰে ৷ অনুষ্ঠানত ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই নিৰ্দিষ্ট বক্তাৰূপে অংশ লৈ সুধাকন্ঠই একতা আৰু মানৱতাৰ গানেৰে সকলোকে উদ্বুদ্ধ কৰি জনগোষ্ঠীসমূহৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰাৰ বিষয়ে আলোচনা দাঙি ধৰে ৷ আনহাতে সভাৰ মুখ্য অতিথি কলকাতাৰ বিশিষ্ট সাহিত্যিক তথা কেবাখনো মূল্যৱান অসমীয়া ভাষাৰ গ্ৰন্থ বাংলা ভাষালৈ অনুবাদ কৰি খ্যাতি অৰ্জন কৰা শক্তিময় দাসে তেওঁৰ ভাষণত ডঃ ভূপেন হাজৰিকাৰ স'তে লাভ কৰা সান্নিধ্যৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে ভূপেন হাজৰিকাই অকল অসমীয়া গানতে সীমাৱদ্ধ নাথাকি বাংলা, হিন্দী আৰু ইংৰাজী ভাষাৰ উপৰি অন্য ভাষাতো গানৰ সৃষ্টি কৰি গানেৰে সমাজত সংস্কাৰ কৰাৰ চেষ্টা কৰিছিল ৷ অনুষ্ঠানত কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ডঃ দ্বিজেন্দ্ৰ নাথ ভকতেও সুধাকন্ঠৰ জীৱনত আলোকপাত কৰে ৷ সেইদৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ গুণীন্দ্ৰ নাথ দাস, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা ,বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাস আদিয়েও ভাষণ প্ৰদান কৰে ৷ইফালে, অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় বৰদলৈৰ নামত বৰঝাৰ বিমান বন্দৰ কেন্দ্ৰীয় চৰকাৰে উছৰ্গা কৰাৰ দৰে উত্তৰ-পূবত সুধাকন্ঠৰ  নামতো তেনেদৰে উল্লেখযোগ্য স্থানৰ নামাকৰণ কৰিবলৈ দাবী জনায় ৷ সভাপতিগৰাকীয়ে লগতে কয় যে অসম সাহিত্য সভাই এইবেলি সুধাকন্ঠৰ স্মৃতি দিৱস বাংলাদেশত তিনিদিনীয়াকৈ উদযাপন কৰাৰ লগতে মামণি ৰয়চম গোম্বামীৰ স্মৃতিত অচিৰেই ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰিব।ইফালে,বঙাইগাঁও শাখা সাহিত্য সভায়ো সুধাকণ্ঠৰ ৯৩ সংখ্যক জন্মদিন উদযাপন কৰে ৷ সেইদৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলেও সুধাকণ্ঠৰ ওপজা দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷

Your Comments