শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল 

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে শণিবাৰে সন্ধিয়া শিৱসাগৰ নগৰত এক জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অতিশীঘ্ৰে অসমত আন্ত: ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে । 

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্য সমুহত আন্ত: ৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা থকাৰ বাবেই উক্ত ৰাজ্য সমুহৰ জনগোষ্ঠী সমূহ সুৰক্ষিত হৈ থকাৰ বিপৰীতে অসমত আজি অসমীয়াই অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে । 

১৯৭৮ চনৰ পৰা অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্ত্তনৰ দাবী উত্থাপন কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰাৰ দাবী উত্থাপনেৰে এই জোৰ সমদল বাহিৰ কৰে।

Your Comments