নগাঁৱত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা

১৯৮৭ চনৰ ৬ মাৰ্চ তাৰিখে নামৰূপত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে শুকুৰবাৰে তেত্ৰিশ বৰ্ষত ভৰি দিয়া উপলক্ষে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো নগাঁও জিলা কবি সন্মিলন আৰু আঠটা শাখাৰ সহযোগত নগাঁৱৰ শ্বহীদ ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।এই উপলক্ষে প্ৰথমতে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ দ্বাৰা পুৱা পতাকা উত্তোলন, দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ দ্বাৰা ক্ষুদ্ৰ গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন, কৰবী লিগিৰা, দিলীপ কুমাৰ নাথ, গুণ কাকতি, প্ৰদীপ কুমাৰ শইকীয়া, বিমান হাজৰিকা, ৰাজীৱ ৰাজ , বুবুল শৰ্মা প্ৰমুখ্যে শাখা নেতৃবৃন্দৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।ইয়াৰ পিছতে আৰম্ভ হোৱা স্থানীয় কবিৰ কবিতা পাঠৰ অনুষ্ঠান 'কবিতাৰ সমাহাৰ'ৰ সঞ্চালনা কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অশোক ডেকাই । বিশিষ্ট কবি পৰাণ বৰুৱা, নূপুৰ মোমাইদেউ, প্ৰয়াগ শইকীয়া, শিৱানন্দ কাকতি, গিৰিশ চন্দ্ৰ দাস, দুলাল বৰা আৰু কাৰুণ্য ভট্টাচাৰ্যৰ উপস্থিতিত যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই কবি সন্মিলন উদ্বোধন কৰে । পৱন শৰ্মা, জেউতি হাজৰিকা, জুমি ভূঞা বৰা, ডাঃ ছিৰাজুল ইছলাম, জোনমণি গগৈ, জ্যোতি পৱন,ৰাতুল শৰ্মা, ৰূপম নাথ, জান বৰদলৈ, দীপজ্যোতি কাকতি,পুণ্যাহা পুণম চৌধুৰী,মালা কাকতি, দীপা পণ্ডিত প্ৰমূখ্যে দেৰকুৰি কবিৰ কবিতা পাঠৰ অন্তত আৰম্ভ হয় মুকলি সভা । সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে আদৰণি ভাষণ প্ৰদান কৰা আৰু প্ৰদীপ শইকীয়াই সভাপতিত্ব কৰা সভাত অসমীয়া ভাষাৰ সাম্প্ৰতিক সমস্যা,অসমীয়া ভাষাৰ প্ৰতি চৰকাৰৰ অনীহা আৰু অসম সাহিত্য সভাই গ্ৰহণ কৰা দীৰ্ঘম্যাদী পৰিকল্পনা আৰু আঁচনিসমূহৰ বিষয়ে অসম সাহিত্য সভাৰ সভাপতি ডঃপৰমানন্দ ৰাজবংশীয়ে  মুখ্য অতিথিৰ ভাষণত উল্লেখ কৰে ।লগতে,অসমীয়া কবি আৰু কবিতাৰ ইতিহাস প্ৰণয়নৰ ক্ষেত্ৰত সদৌ অসম কবি সন্মিলনক উদগণি যোগাই তেওঁ কয় যে অসম সাহিত্য সভাই উক্ত গ্ৰন্থ প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিব । সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক পৰাগ জ্যোতি মহন্তই বিশিষ্ট অতিথি ৰূপে ভাষণ প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ আদৰ্শ জাতীয় বিদ্যালয় প্ৰকল্পৰ আহ্বায়ক   ৰাণা বশিষ্ঠও  উপস্থিত থাকে। উক্ত সভাতেই সন্মিলনৰ প্ৰতিস্থাপক সদস্য তথা ৰাম গগৈৰ একালৰ সতীৰ্থ, মৰিগাঁও নিৱাসী জয়ৰাম নাথৰ লগতে অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰা মোলান লষ্কৰক  সন্মিলনে সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰ পিছতেই আৰম্ভ হোৱা আমন্ত্ৰিত কবিৰ কবিতা পাঠ অনুষ্ঠান সঞ্চালনা কৰে হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাচিনুছ চুলতানে।উমেশ সোণোৱাল, ছৈয়দ পাৰভিজ হুছেইন,  জগত গগৈ, বিতোপন গগৈ, আইমণি শৰ্মা, মৌচুম বুঢ়াগোহাঁই, শিখা বেজবৰুৱা গোস্বামী, দুৰ্গেশ্বৰ বৰকটকী,মনোজ কুমাৰ দেওৰজা, ভৱেন চন্দ্ৰ নাথ, পুতুলী মুদৈ, লতামণি শৰ্মা, ৰফিক উদ্দিন, ইমৰান হুছেইন মজুমদাৰ, মিন্টু দাস, জ্যোতিপ্ৰসাদ বৰা, ৰঞ্জিত বৰা, অপূৰ্ব বৰা, দিব্যজ্যোতি দাস, কৃষ্ণ কান্ত তালুকদাৰ, মাধৱ চন্দ্ৰ ডেকা, অসম কবি সমাজৰ সম্পাদক প্ৰধান সীমা বৰা প্ৰমুখ্যে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কবিসকলৰ কবিতা পাঠে মুখৰিত কৰে শ্বহীদ ভৱন প্ৰেক্ষাগৃহ । শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডাঃ হৰেণ শইকীয়াৰ বিশিষ্ট অতিথিৰ ভাষণৰ পিছতেই মদাৰজ্যোতিয়ে আগবঢ়োৱা শলাগৰ শৰাই  আৰু সন্মিলনৰ কাব্যমন্ত্ৰ পাঠৰে অনুষ্ঠানৰ সামৰণি পৰে।

Your Comments