শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :
অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, শিৱসাগৰৰ উদ্যোগত শুকুৰবাৰে শিৱসাগৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত দীনদয়াল অন্তোদয়া যোজনা- ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অংশীদাৰ সকলৰ এখন সভা অনুষ্ঠিত হয়।
সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত শিৱসাগৰ পৌৰ এলেকাৰ ১৫০ টা মহিলা আত্মসহায়ক গোটক কনকলতা আঁচনিৰ অধীনত অতিৰিক্ত ঘূৰ্ণিয়মান পুঁজি হিচাবে ১৫,০০০ টকাকৈ মুঠ ২২,৫০,০০০ টকাৰ চেক বিতৰণ কৰা হয়।
তদুপৰি এই অনুষ্ঠানত দক্ষতা বিকাশ কেন্দ্ৰৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত ৩০ গৰাকী হিতাধিকাৰীক কৌশল বিকাশ পত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয় এনেধৰণৰ চৰকাৰী আঁচনিৰ দ্বাৰা মহিলা সকলে আত্ম-নিৰ্ভৰশীল আৰু আর্থিকভাৱে স্বাৱলম্বী হ'বলৈ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নৰ হকে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে চমু আভাস দিয়ে। ভাষণ প্ৰসংগত তেওঁ শিৱসাগৰ নগৰখনক স্বচ্ছ আৰু নিকা ৰখাৰ ক্ষেত্ৰত মহিলা সকলক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। নগৰখনৰ পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ হকে ২২ টা ওখ বিজুলীবাতি (High Mast Light) সংস্থাপন কৰাকে আদি কৰি নলা-নৰ্দমা নিৰ্মাণৰ বাবে ৩ কোটি টকা ধাৰ্য্য কৰা হৈছে বুলি সাংসদ গৰাকীয়ে সদৰি কৰে। নগৰখনৰ বাট-পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি (City Infra Development Fund or CIDF) -ৰ অধীনত ১০০ কোটি টকাৰ কাম অতিশীঘ্ৰে আৰম্ভ হ'ব বুলিও তেওঁ জনায়। নগৰখনৰ উন্নয়নৰ বাবে হাতত লোৱা আঁচনি সমূহৰ সফল ৰূপায়ণৰ বাবে ৰাইজৰ পূৰ্ণ সহযোগিতা নিতান্তই প্ৰয়োজনীয় বুলিও তেওঁ মন্তব্য কৰে ।
সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মহিলা আত্মসহায়ক গোট সমূহক প্রাপ্ত পুঁজিৰ সদব্যৱহাৰ কৰি আৰ্থিক স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ পৰামৰ্শ দিয়ে। প্লাষ্টিকৰ প্ৰাদুৰ্ভাৱৰ পৰা পৰিৱেশক সুৰক্ষিত কৰাৰ বাবে কাপোৰ বা অন্যান্য জৈৱ-বিযোজিত (Biodegradable) পদাৰ্থৰ দ্বাৰা মোনা, বেগ আদি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈও তেওঁ আহ্বান জনায়।
জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মনণে বৰ্তমানৰ যুগক স্ত্ৰী শক্তিৰ উত্তৰণৰ যুগ বুলি অভিহিত কৰে। নাৰী সমাজৰ উন্নতিৰ দ্বাৰাহে সমাজৰ উন্নতি সম্ভৱ বুলি উপায়ুক্ত গৰাকীয় দৃঢ় মতপোষন কৰে। ডাঃ লক্ষ্মণণে তেওঁৰ বক্তব্যত মহিলা আত্মসহায়ক গোট সমূহক নিজ নিজ ক্ষেত্ৰত কৌশল আৰু দক্ষতা বৃদ্ধি কৰি সংকল্পবদ্ধ ভাৱে কৰ্মত মনোনিবেশ কৰি সফলতা লাভ কৰিবলৈ উৎসাহিত কৰে। নিজৰ উৎপাদিত সামগ্ৰীৰ উৎকৃষ্টতাৰ বলত শিৱসাগৰৰ উদ্যোগী মহিলা সকলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিবলৈ সক্ষম হ'ব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
আজিৰ সভাত আদৰণি ভাষণ প্ৰদান কৰে শিৱসাগৰ পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া ঋতুৰাজ বৰদলৈয়ে। প্ৰকল্প বিষয়া ইন্দ্ৰজিত দাসে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, শিৱসাগৰৰ এক চমু ব্যখ্যা আগবঢ়ায়। সভাত পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিনহা, সমাজকৰ্মী ক্ৰমে- ভবেন্দ্ৰ নাথ মহন, সুৰভি ৰাজকুমাৰী, অশ্বিনী চেতিয়া, হেমন্ত কুমাৰ গগৈ, তন্ময় শইকীয়া, বিজিত গগৈকে আদি কৰি চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
- Log in to post comments
- 54 views