যিমানেই চেষ্টা নকৰক, মোডী বাজপেয়ীৰ উত্তৰসুৰী হ’ব নোৱাৰে ৷ অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোডী একে নহয় ৷ ৰাষ্ট্ৰীয় নেতাগৰাকীৰ মৃত্যুৰ লগে লগে বিৰোধীৰ কটাক্ষ মোডীক লক্ষ্য কৰি ৷
প্ৰধান মন্ত্ৰীৰো দৃষ্টিগোচৰ হৈছে এনে কটাক্ষ ৷ বাজপেয়ীক শেষ শ্ৰদ্ধা জনাবলৈ আহিছিল মমতা বেনাৰ্জীৰ পৰা নবীন পাটনায়কলৈকে ৷ সকলোৰে মুকলি বক্তব্য- বাজপেয়ী ধৰ্মনিৰপেক্ষ নেতা আছিল ৷
সকলোকে লগত লৈ আগবাঢ়িছিল বাজপেয়ী ৷ সকলোৰে কথা শুনিছিল আৰু সমবিকাশৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল ৷ নৰেন্দ্ৰ মোডীৰ বাবে আজি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত থাকিবলৈ বাধ্য হোৱা বিজেপি নেতা মুৰুলী মনোহৰ যোশীয়ে ৰাজধৰ্ম পালন কৰাৰ বিষয়টো উল্লেখ কৰিছে ৷
প্ৰকৃতাৰ্থত গুজৰাটৰ সাপ্ৰদায়িক সংঘাতৰ সময়ত প্ৰধান মন্ত্ৰীৰ দায়িত্বত থকা বাজপেয়ীয়ে গুজৰাটৰ তদানীন্তন মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান জনাইছিল ৷
সেই প্ৰসংগত মুখ্য মন্ত্ৰীৰ দায়িত্বৰ পৰা নৰেন্দ্ৰ মোডীক আঁতৰাব বিচাৰিছিল বাজপেয়ীয়ে ৷ এনে পৰিস্থিতিৰ মাজেৰে অহা মোডীয়ে আজি বাজপেয়ীৰ উত্তৰসুৰী বুলি নিজকে থিয় কৰাবলৈ চেষ্টা কৰিছে বুলি বিৰোধী নেতা দুজনমানে কটাক্ষ কৰিছে ৷
মমতা বেনাৰ্জী, নবীন পাটনায়কৰ দৰে বিৰোধী নেতাই কটাক্ষ কৰি আলোচনা কৰিছে যে মোডীয়ে আজি এক সপ্তাহৰ ৰাষ্ট্ৰীয় শোক পালনৰ ঘোষণা কৰি বিৰোধীৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে ৷
কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ লগতে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহত অৰ্ধেক দিনৰ ছুটী ঘোষণা কৰা হৈছে ৷ বিৰোধীৰ কটাক্ষ- মোডীয়ে ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকলৰ লগতে সকলো বিজেপি নেতাক দিল্লীলৈ মাতি পঠিয়াইছে ৷
এটা পুৰণা ভিডিঅ’ প্ৰচাৰ কৰিছে, য’ত আছে বাজপেয়ীয়ে মোডীক কৰা স্নেহৰ এক দৃশ্য ৷ দেশবাসীৰ উদ্দেশ্যে মোডীয়ে টিভিৰ জৰিয়তে বক্তব্য আগবঢ়াইছে- বাজপেয়ী তেখেতৰ পিতৃসম আছিল ৷
সংগঠন আৰু প্ৰশাসন কেনেদৰে চলাব লাগে বাজপেয়ীৰ পৰা তেখেতে শিক্ষা লাভ কৰিছিল ৷ বাজপেয়ী নাথাকিলেও তেখেতৰ বাণী, দৰ্শন, চিন্তাই মোডীক পথ নিৰ্দেশনা দিব বুলি প্ৰধান মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে ৷
বিৰোধীৰ মন্তব্য- মোডী প্ৰধান মন্ত্ৰী হোৱাৰ পিছত বিজেপিৰ প্ৰবীণ নেতাসকলক লৈ ‘মাৰ্গ দৰ্শন মণ্ডলী’ কৰাৰ কথা ঘোষণা কৰিছিল ৷ কোনো জ্যেষ্ঠ নেতাৰ পৰা মোডীয়ে ‘মাৰ্গ দৰ্শন’ গ্ৰহণ কৰা নাছিল ৷
সেই মণ্ডলীৰ এখনো সতা অনুষ্ঠিত কৰা নহ’ল ৷ বিৰোধীৰ কটাক্ষ- যিমানেই চেষ্টা নকৰক, মোডী বাজপেয়ী হ’ব নোৱাৰে ৷
- Log in to post comments
- 27 views