বঙাইগাঁওঃ
বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও বেতবাৰী সুৰভি সংঘৰ উদ্যোগত আজিৰে পৰা ধ্ৰুৱলোচন সিংহ আৰু লুতেশ্বৰ শৰণীয়া সোঁৱৰণী এককালীন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ বেতবাৰী সুৰভি সংঘৰ খেল পথাৰত অনুষ্ঠিত হোৱা আজিৰ উদ্বোধনী খেলত কাকৈজানাৰ ভোলানাথ ক্লাবে ঘনদলৰ বীণাপানী সংঘক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে । প্ৰতিযোগিতাখন বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ আনহাতে কাইলৈ চোৰাপাৰাৰ জেনন ক্লাব আৰু নৰ্থ বইটামাৰী এফ চি ৰ মাজত খেল অনুষ্ঠিত হ'ব ৷
- Log in to post comments
- 4 views