বঙাইগাঁৱৰ প্ৰতিবেদক
বড়ো আন্দোলনত সৰ্বস্বান্ত হৈ শিবিৰত বসবাস কৰা পৰিয়ালসমূহৰ লগতে আই নৈৰ বান আৰু গৰাখহনীয়াত ভেটি মাটি হেৰুৱাই নিঠৰুৱা হোৱা পৰিয়ালসমূহক স্থায়ী সংস্থাপন, ক্ষতিপূৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক গণ ধৰ্ণা ৰূপায়ণৰ কাৰ্যসূচী গ্ৰহণ কৰে যদিও প্ৰশাসনৰ বাধাৰ বাবে বৰপাৰা ৰাজহুৱা খেল পথাৰতে প্ৰতিবাদকাৰীসকল আৱদ্ধ হৈ থাকিবলগীয়া হয়৷ পিছত বৰপাৰা ৰাজহুৱা খেল পথাৰতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰশাসন আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলা কৃষক মুক্তিৰ সংগ্ৰাম সমিতি আৰু প্ৰতিবাদকাৰীসকল৷ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বড়ো আন্দোলনত সৰ্বস্বান্ত হৈ বঙাইগাঁও জিলাৰ বামুণীটিলা, বিদ্যাপুৰ-ফুলকুমাৰী, ভাদ্ৰাগাঁও শিবিৰত বসবাস কৰি থকা আৰু আই নৈৰ বান-গৰাখহনীয়াত ভেটি-মাটি, সা-সম্পত্তি হেৰুৱাই মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা জিলাখনৰ পোপৰাগাঁও, বগৰীগুৰী, হাপাছাৰা, ভাণ্ডাৰা আদিৰ ভুক্তভোগী পৰিয়ালে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এই গণ ধৰ্ণা কাৰ্যসূচী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণৰ বাবে সংগঠনটোৱে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি বিচাৰি আৱেদন জনাইছিল৷ কিন্তু পিছত জিলা আৰক্ষী প্ৰশাসনে কেৱল বৰপাৰা ৰাজহুৱা খেল পথাৰতহে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ অনুমতি প্ৰদান কৰে৷ ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰে সংগঠনৰ নেতৃত্বৰ লগতে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা ভুক্তভোগী পৰিয়ালৰ লোকসকল৷ প্ৰতিবাদকাৰীসকলে আনকি প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ যাত্ৰা কৰাৰ বাবে সাজু হয়৷ কিন্তু প্ৰতিবাদকাৰীসকলে যাতে বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্ত কাৰ্যালয়লৈ যাব নোৱাৰে, তাৰ বাবে বাধা প্ৰদান কৰাৰ বাবে বৰপাৰা ৰাজহুৱা খেল পথাৰত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী, উপ আৰক্ষী অধীক্ষক মৈয়েত্ৰী ডেকা, বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি আৰক্ষী, অৰ্ধ সামৰিক বাহিনী উপস্থিত হয়৷ সেইদৰে জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ পাৰ্থপ্ৰতীম খনিকৰ আৰু আন এগৰাকী কাৰ্যবাহী দণ্ডাধীশ প্ৰতিবাদস্থলীত উপস্থিত হয়৷ পিছত প্ৰতিবাদকাৰীসকলে সমদল উলিয়াবলৈ সাজু হোৱাত কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকক কেৱল বৰপাৰা ৰাজহুৱা খেল পথাৰতহে কাৰ্যসূচী ৰূপায়ণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে বুলি কৈ খেল পথাৰৰ বাহিৰলৈ যাব দিয়া নহ'ব বুলি জনায় আৰু যদি কিবা স্মাৰকপত্ৰ আছে, তেতিয়াহ'লে তেওঁলোকৰ হাতত প্ৰদান কৰিবলৈ কয়৷ লগতে সমগ্ৰ বিষয়টো জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰাৰ বাবে দুজন প্ৰতিনিধিক উপায়ুক্ত কাৰ্যালয়লৈ আমন্ত্ৰণ জনায়৷ কিন্তু কৃষক মুক্তিৰ লগতে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা লোকসকলে এই প্ৰস্তাৱ মানি নলয় আৰু নিজৰ দাবীত অটল হৈ থাকে৷ বৰং ক্ষুদ্ধ প্ৰতিবাদকাৰীসকলে বছৰ বছৰ ধৰি সমস্যা ভোগ কৰি অহা ভুক্তভোগী পৰিয়ালসকলক কেতিয়া স্থায়ী সংস্থাপন, ক্ষতিপূৰণ আৰু ভূমিৰ পট্টা প্ৰদান কৰিব সেই কথাখিনি প্ৰশাসনৰ তৰফৰ পৰা লিখিত আকাৰে দিলে প্ৰতিবাদকাৰীসকল ঘৰা-ঘৰি যাব বুলিহে কয়৷ কিন্তু তেনে লিখিত প্ৰতিশ্ৰুতি জিলা উপায়ুক্ত কাৰ্যালয়ত গৈ আলোচনা কৰি যি লাগে ল'ব পাৰিব বুলি কৈ ইয়াত প্ৰদান কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰে কাৰ্যবাহী দণ্ডাধীশে৷ অৱশ্যে প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ গুৰুত্বসহকাৰে লোৱাৰ লগতে তেওঁলোকৰ কথাখিনি জিলা উপায়ুক্তক অৱগত কৰিবৰ বুলি আশ্বাস দি প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিবলৈ আহ্বান জনায় ৷ কাৰ্যবাহী দণ্ডাধীশ দুগৰাকীৰ আশ্বাসত মান্তি নহৈ প্ৰতিবাদকাৰীসকলে প্ৰখৰ ৰ'দকো নেওচি খেল পথাৰৰ মাজতে বহি পৰে আৰু প্ৰতিবাদ অব্যাহত ৰাখে৷ পিছত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা প্ৰতিবাদস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদী ৰাইজৰ সমস্যাসমূহ শুনাৰ লগতে ভূমিৰ পট্টা প্ৰদানৰ লগতে তেওঁলোকৰ দাবীৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাতহে প্ৰতিবাদকাৰীসকলে কাৰ্যসূচী সমাপ্ত কৰে৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে লোকসকলক ভূমি পট্টা বিচাৰি নতুনকৈ একোখনকৈ আৱেদন কৰাৰ বাবে আহ্বান জনায়৷ লগতে শিবিৰ পাতি থকা লোকসকলক চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা মাটি প্ৰদানৰ কিবা নথি থাকিলে আৱেদনৰ লগত তাৰ ফটো কপি সংলগ্ন কৰি দিবলৈকো কয়৷ আনহাতে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ওপৰোক্ত দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আৰু জিলা উপায়ুক্তক পৃথকে পৃথকে দুখন স্মাৰকপ্ৰত্ৰ প্ৰদান কৰে৷ স্মাৰকপত্ৰ দুখন অতিৰিক্ত উপায়ুক্তগৰাকীয়ে গ্ৰহণ কৰে৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত কয় যে পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত ১৯৮৯ চনত যি বড়ো আন্দোলন হৈছিল সেই আন্দোলনৰ সময়ত বৰ্তমানৰ চিৰাং জিলাৰ কয়লা ময়লা, আমগুৰি, আমটেকা, বেংতল, আইপোৱালী, পাটাবাৰি আদিকে ধৰি প্ৰায় ৪২ খন গাঁৱৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ থলুৱা খিলঞ্জীয়া জনসাধাৰণে নিজৰ ঘৰ-মাটি, সা-সম্পত্তি এৰি প্ৰাণৰ মমতাত পলাই আহিবলগীয়া হৈছিল৷ সেই বড়ো আন্দোলনৰ সময়ত খিলঞ্জীয়া লোকসকলৰ ঘৰ জ্বলাই দিয়া হৈছিল, জীয়ৰি -বোৱাৰীক ধৰ্ষণ কৰা হৈছিল, যুৱকসকলক হত্যা কৰা হৈছিল৷ এনে অৱস্থাত প্ৰাণৰ মমতাত পলাই অহা লোকসকলে বঙাইগাঁও জিলাৰ বামুণীটিলা, বিদ্যাপুৰ - ফুলকুমাৰী, ভাদ্ৰাগাঁৱত ১৯৯০ চনৰ পৰা শিবিৰ পাতি আজি ৩০ বছৰ ধৰি বসবাস কৰি আহিছে৷ কিন্তু দুখৰ বিষয় যে এই মানুহখিনিয়ে বাৰে বাৰে স্থানীয় বিধায়ক ফনীভূষণ চৌধুৰীক ভোট দি নিৰ্বাচনত বিজয়ী কৰি অহাৰ পিচতো এই মানুহখিনিক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা নকৰিলে আৰু প্ৰশাসনেও প্ৰদান নকৰিলে৷ আনকি সেই সময়ৰ অসম গণ পৰিষদ দলৰ চৰকাৰে এইসকল দুৰ্ভগীয়া পৰিয়ালক আন্দোলনত ক্ষতিগ্ৰস্ত বুলি চৰকাৰী তথ্যত অন্তৰ্ভুক্ত নকৰি বান -গৰাখহনীয়াত ক্ষতিগ্ৰস্ত বুলিহে অন্তৰ্ভূক্ত কৰে৷ যাৰ বাবে এতিয়া আমি মাটিৰ পট্টা প্ৰদানৰ দাবীত আন্দোলন কৰিবলৈ ওলাই আহিবলগীয়া হৈছে৷ কিন্তু আমাৰ এই আন্দোলনৰ কাৰ্যসূচীৰ কেনেকৈ মষিমূৰ কৰিব পাৰে তাৰ বাবে সোমবাৰৰ পৰাই সকলোৱে উঠি পৰি লাগে৷ আৰক্ষী প্ৰশাসনৰ এজনৰ পিচত আন এজন বিষয়াই ফোন কৰি ভাবুকি দি আছে যে আপোনালোকে এই কাৰ্যসূচী কেতিয়াও ৰূপায়ণ কৰিব নোৱাৰিব ৷ কিন্তু আমি এসপ্তাহ পূৰ্বেই ইয়াৰ বাবে অনুমতি বিচাৰি জিলা প্ৰশাসনক আৱেদন জনাইছিলো ৷ আনকি সোমবাৰে আমি প্ৰশাসনৰ চোৰাংচোৱা বিভাগৰ এগৰাকী বিষয়াক সোধাত অনুমতি প্ৰদান কৰা হৈছে বুলি কয় যদিও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ফোন যোগে কিয় প্ৰতিবাদ কৰিব লাগে বুলি প্ৰশ্ন কৰা বুলি অভিযোগ কৰে ৷ আনহাতে জিলাখনৰ পোপৰাগাঁও, চেচাপানী, বগৰীগুৰি, হাপাছাৰা, ভাণ্ডাৰা আদি অঞ্চলৰ শতাধিক খিলঞ্জীয়া পৰিয়ালৰ লোকে আই নৈৰ বান আৰু গৰাখহনীয়াত ভেটি মাটি,সা-সম্পত্তি হেৰুৱাই সূদীৰ্ঘ দিন ধৰি মথাউৰিত দুৰ্বিহ জীৱন নিৰ্বাহ কৰি আছে যদিও সেইসকল খিলঞ্জীয়া পৰিয়ালক কোনো ধৰণৰ ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰা নহ'ল ৷ সেয়ে আমি অতি কম দিনৰ ভিতৰত শিবিৰ অঞ্চল জৰীপ কৰি বড়ো আন্দোলনত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালবোৰক উপযুক্ত ক্ষতি পূৰণ আৰু মাটিৰলপট্টা প্ৰদান কৰা আৰু বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক পুনৰ সংস্থাপন, ক্ষতিপূৰণ আৰু স্থায়ী ভূমি পট্টা প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায়৷
- Log in to post comments
- 7 views