ফ্ৰান্সত 'জি৭ সন্মিলন'ত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কয় যে কাশ্মীৰ ভাৰত-পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক বিষয়।ইয়াত তৃতীয় পক্ষই কষ্ট কৰাৰ প্ৰয়োজন নাই।ইফালে,ডোনাল্ড ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে তেওঁ কাশ্মীৰ সম্পৰ্কত কথা পাতিছে আৰু প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক আশ্বস্ত কৰিছে যে কাশ্মীৰৰ পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে।
উল্লেখ্য যে পূৰ্বতে ট্ৰাম্পে কাশ্মীৰক এটা ডাঙৰ সমস্যা হিচাপে উল্লেখ কৰি মধ্যস্থতা কৰাৰ কথা উল্লেখ কৰিছিল।কিন্তু,নৰেন্দ্ৰ মোডীৰ সম্মুখত তেওঁ বিশ্বৰ সংবাদ মাধ্যমৰ আগত ক'লে যে কাশ্মীৰত সকলো ঠিকেই আছে।পূৰ্বতে কাশ্মীৰক ডাঙৰ সমস্যা বুলি অভিহিত কৰা ডোনাল্ড ট্ৰাম্পে কাশ্মীৰত সকলো ঠিকেই থকা বুলি কোৱাটোৱে ভাৰতৰ কূটনৈতিক বিজয় হোৱাটোৰে প্ৰমাণ দাঙি ধৰিলে।
- Log in to post comments
- 11 views