মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কেতিয়া,কি কয়,কোনো ঠিক নাই।এইবাৰ তেওঁ আমেৰিকামুখী এটা ভয়ংকৰ ধুমুহাক আণৱিক বোমা প্ৰয়োগেৰে ধ্বংস কৰি দিব বুলি কৈ সকলোকে আশ্চৰ্যচকিত কৰি তুলিলে ট্ৰাম্পে।মাৰ্কিন ৱেবচাইট 'এক্সিঅছ'ৰ মতে আফ্ৰিকাৰ উপকূলত উৎপন্ন হোৱা ধুমুহা 'এলেক্স' আমেৰিকামুখী হোৱা সন্দৰ্ভত বিষয়াবৰ্গৰে সৈতে অনুষ্ঠিত এখন বৈঠকত ট্ৰাম্পে মন্তব্য কৰে-'আমি এই ধুমুহাটো আণৱিক বোমা প্ৰয়োগেৰে ধ্বংস কৰি দিব নোৱাৰো নেকি?তেতিয়া এই ধুমুহাটোৱে আমেৰিকাৰ ভূমি স্পৰ্শ কৰিব নোৱাৰিব।
'ব্যাপক বিনাশলীলাৰ সৃষ্টি কৰিব পৰা আণৱিক বোমা ধুমুহা ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰাৰ ট্ৰাম্পৰ ইচ্ছা প্ৰকাশৰ বিষয়ে শুনি দেশ-বিদেশৰ সচেতন মহলে বিচূৰ্তি খাইছে।ই ট্ৰাম্পৰ চিন্তাৰ দৈন্যতাক প্ৰতিফলিত কৰিছে বুলি সকলোৱে মন্তব্য কৰিছে।
- Log in to post comments
- 44 views