দিল্লীত অৰুণ জেটলীক শেষ শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

cm

নিউজ ডেস্ক : 

যোৱা ৯আগষ্টৰ পৰা দিল্লীৰ এইমছৰ আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে শনিবাৰ শেষ নিশ্বাস ত্যাগ কৰা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীক নতুন দিল্লীত তেওঁৰ পাৰ্থিৱ শৰীৰত আজি পুৱা শেষ শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

নেতা গৰাকীৰ নস্বৰ দেহত শেষ বিদায় জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰোমন্থন কৰে পূৰ্বৰ স্মিতি।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় 
 মই সাংসদ হৈ থকাৰ দিনৰেপৰাই তেওঁ মোক বহুতো দিহা পৰামৰ্শ দি মাৰ্গদর্শকৰ ভূমিকা পালন কৰিছিল।সুদক্ষ ৰাজনীতিবিদজনৰ উত্তৰ-পূবৰ প্ৰতি বিশেষ সদভাব ৰাখিছিল বুলিও তেওঁ উল্লেখ কৰে।cm2

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ অসম আৰু উত্তৰ-পূৱাঞ্চলৰ উন্নয়নৰ দিশটোত জেটলীৰ যথেষ্ট আৱদান আছে।

ইফালে ভাৰতৰ ৰাজনীতিৰ এজন সুদক্ষ নেতা হিচাপে পৰিচিত প্ৰয়াত অৰুণ জেটলীক মুখ্যমন্ত্ৰীৰ সৈতে শেষ শ্ৰদ্ধা জনাই ডিব্ৰুগড়ৰ সাংসদ তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

Your Comments