কাশ্মীৰৰ পৰা 'অনুচ্ছেদ ৩৭০' আঁতৰোৱাৰ প্ৰসংগত পেৰিচত প্ৰধানমন্ত্ৰী মোডীয়ে ক'লে--গান্ধী-বুদ্ধৰ দেশত 'টেম্প'ৰেৰী'ৰ কোনো স্থান নাই

pm

ফ্ৰান্স ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে পেৰিচত দেশখনৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে।ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে আওপকীয়াকৈ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ প্ৰসংগ উত্থাপন কৰে।প্ৰধানমন্ত্ৰী মোডীয়ে কয়-'হিন্দুস্তানত এতিয়া 'টেম্প'ৰেৰী'ৰ বাবে  কোনো ব্যৱস্থা নাই।আপোনালোকে দেখিছে ১২৫ কোটি লোকৰ দেশ,গান্ধী আৰু বুদ্ধৰ ভূমি-ৰাম-কৃষ্ণৰ ভূমিৰ পৰা টেম্প'ৰেৰী আঁতৰাওতে-আঁতৰাওতে ৭০ বছৰ পাৰ হ'ল।টেম্প'ৰেৰী আঁতৰাওতেই ৭০ বছৰ,মই ভাবি পোৱা নাই হাঁহিব লাগে নে কান্দিব লাগে'।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে যে 'ৰিফৰ্ম-ট্ৰেন্সফৰ্ম'আৰু 'পাৰমেনেন্ট' ব্যৱস্থাৰ সৈতে ভাৰত আগবাঢ়িবলৈ ধৰিছে।উল্লেখ্য যে বিদেশত প্ৰথমবাৰৰ বাবে কাশ্মীৰ প্ৰসংগত বক্তব্য আগবঢ়ালে প্ৰধানমন্ত্ৰী মোডীয়ে।

Your Comments