'এফএটিএফ এপিজি'য়ে 'ব্লেক লিষ্ট'কৰিলে পাকিস্তানক:আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় সাহায্য পোৱাত আহিব বাধা

imran

পাকিস্তানৰ ওপৰত আন এটা আন্ত:ৰাষ্ট্ৰীয় আঘাত।ফাইনেন্সিয়েল এক্সন টাস্ক ফ'ৰ্চৰ এছিয়া-পেচিফিক গ্ৰুপে(এফএটিএফ  এপিজি) পাকিস্তানক 'ব্লেক লিষ্ট' কৰিছে।সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত ১১ টা মাপদণ্ডৰ ১০ টা পূৰ্ণ কৰাত বিফল হৈছে পাকিস্তান।আনহাতে,আইনী আৰু বিত্তীয় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৪০ টা মাপদণ্ডৰ ৩২ টা পূৰ্ণ কৰিবলৈ ব্যৰ্থ হৈছে দেশখন।


পোনপটীয়াকৈ ক'বলৈ গ'লে পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনক আৰ্থিক সাহায্য দিয়াতো অব্যাহত ৰখাৰ বাবেই পাকিস্তানক ব্লেক লিষ্ট কৰা হৈছে।এনেদৰে ব্লেক লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ পিছত এতিয়া পাকিস্তানে বিভিন্ন দেশ আৰু আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় সংস্থাৰ পৰা বিত্তীয় সাহায্য পোৱাত যথেষ্ট বাধাৰ সৃষ্টি হ'ব।

Your Comments