কাশ্মীৰ বিষয়ত ফ্ৰান্সৰ সমৰ্থন লাভ ভাৰতৰ

modi

নিউজ ডেস্ক:
সন্ত্ৰাসবাদ আৰু কাশ্মীৰ বিষয়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সমৰ্থন লাভ কৰিলে ভাৰতে।মেক্ৰ'ই কয় যে কাশ্মীৰ বিষয়টোত ভাৰত-পাকিস্তানে দ্বিপাক্ষিক আলোচনাৰে সমাধান উলিয়াব লাগে।ইয়াত তৃতীয় পক্ষই হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।সম্প্ৰতি ফ্ৰান্স ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে বিভিন্ন বিষয়ত আলোচনা কৰাৰ পিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'ই এটা যুটীয়া বিবৃতিত এই বুলি বক্তব্য প্ৰকাশ কৰে।

Your Comments