নিউজ ডেস্ক:
একেৰাহে ২৭ ঘণ্টা ধৰি চলা শ্বাসৰুদ্ধ নাটকখনৰ যবণিকা পৰিল। আজি বুধবাৰে নিশা চিবিআয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমক চি গ্ৰেপ্তাৰ কৰে। আজি নিশা নতুনদিল্লীত চিদাম্বৰমে নিজা বাসভৱনত উপস্থিত হোৱাৰ পাছতেই চিবিআইৰ বিষয়াসকলৰ এটা দল তেওঁক গ্ৰেপ্তাৰৰ কাৰণে উপস্থিত হয়হি। আইএনএক্স-মেক্সিছ কেলেংকাৰীত অভিযুক্ত পি চিদাম্বৰমক কালি দিল্লীস উচ্চ ন্যায়ালয়ে আগতীয়া জামিনৰ আবেদন খাৰিজ কৰাৰ পাছৰে পৰাই এই জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী অনৰ্ধান হয়। ফলত চিবিআই আৰু ইডি-ৰ বিষয়াসকলে তেওঁৰ বিৰুদ্ধে লুক আউট ন’টিচ জাৰী কৰে। চিবিআই-ৰ বিষয়াসকলে তেওঁক বিচাৰি কালি আৰু আজি চিদাম্বৰমৰ বাসভৱন আৰু কংগ্ৰেছৰ কাৰ্যালয়তো অভিযান চলায়। পিছত আজি নিশা ১০-৪৫ বজাত চিদাম্বৰমে তেওঁৰ বাসভৱনত আহি পোৱাৰ পিছতেই চিবিআই আৰু ইডি-ৰ তদন্তকাৰী বিষয়াসকলৰ দলটো উপস্থিত হয়হি। চিদাম্বৰমে তেওঁৰ বাসভৱনৰ দুৱাৰ নোখোলাত তদন্তকাৰী বিষয়াসকলে প্ৰাচীৰ জঁপিয়াই পাৰ হৈ বাসভৱনত প্ৰৱেশ কৰে।
ইতিমধ্যে চিদাম্বৰমক গ্ৰেপ্তাৰ কৰাৰ পিছত চিবিআইৰ বিয়াসকলে তেওঁক জেৰা কৰাৰ বাবে চিবিআইৰ কাৰ্যালয়লৈ লৈ যায়। গ্ৰেপ্তাৰ হোৱা চিদাম্বৰমে আজি কয়, ‘আইনৰ হাতৰ পৰা সাৰিবলৈ মই পলাই ফুৰিছোঁ বুলি কিছুসংখ্যক লোকে কৈ ফুৰিছে। ইয়াৰ ফলত মই হতবাক হৈ পৰিছো। মোৰ জামিনৰ আবেদনক লৈ শুক্ৰবাৰে শুনানি হোৱাৰ কথা। সেই কাৰণে মই আইনজীৱীৰ পৰামৰ্শ লোৱাত ব্যস্ত আছিলো। একপক্ষীয়ভাৱে তদন্তকাৰী সংস্থাই যদি আইনৰ অপপ্ৰয়োগ কৰে তথাপি মই আইনৰ প্ৰতি শ্ৰদ্ধাশীল থাকিম। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় মূৰ পাতি ল’ম।’
- Log in to post comments
- 18 views