নগাঁৱৰ বৰ্ষীয়ান পেঁপাবাদক মাণিক কলিতালৈ শিল্পী পেন্সন

নগাঁৱৰ বৰ্ষীয়ান পেঁপাবাদক মাণিক কলিতালৈ শিল্পী পেন্সন

বিগত ৩ দশকৰো অধিককাল আঁহতগুৰিৰ ম'হযুঁজস্থলীত ম'হৰ শিঙৰ পেঁপা বজাই দৰ্শকৰ হৃদয় জুৰোৱা বৰ্ষীয়ান পেঁপুৱা মাণিক কলিতাই অৱশেষত লাভ কৰিলে শিল্পী পেন্সন ।

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে ঘোষণা কৰা শিল্পী পেন্সন নগাঁও জিলাৰ ৰাইডংগীয়া নতুন ভোগবাৰী সত্ৰৰ ৮৪ বছৰীয়া পেঁপুৱা মাণিক কলিতাৰ নাম অন্তৰ্ভুক্ত হোৱাত আনন্দিত হৈ পৰিছে বটদ্ৰৱাবাসী ।

৮৪ বছৰ বয়সতো এগৰাকী দুৰন্ত তৰুণৰ দৰে ৰাজ্যৰ বিভিন্ন মঞ্চত পেঁপাবাদনৰ জৰিয়তে ৰাইজক মন্ত্ৰমুগ্ধ কৰা মাণিক কলিতাক এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বুধবাৰে সন্ধিয়া চকলাঘাট সোণাইপাৰ গৌৰীনাথ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয় ।

চকলাঘাট সোণাইপাৰ গৌৰীনাথ মন্দিৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত মাণিক কলিতাক ফুলাম গামোচা আৰু এখনি চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে ১২ বছৰ বয়সৰ পৰাই বিহুৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি ৰক্ষাৰ বাবে জীৱনটো উছৰ্গা কৰা মাণিক কলিতাই বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বহুবাৰ আবেদন-নিবেদন কৰিও বঞ্চিত হ'বলগা হৈছিল শিল্পী পেন্সনৰ পৰা ।

শিল্পীগৰাকীক শিল্পী পেন্সন প্ৰদান কৰাৰ বাবে বিগত সময়ত ৰাইডংগীয়া, চকলাঘাট আদি অঞ্চলৰ ৰাইজে আহ্বান জনাই আহিছিল বিজেপি চৰকাৰক ।

অৱশেষত বৰ্তমানৰ বিধায়িকা আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত মাণিক কলিতাই শিল্পী পেন্সন লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে বটদ্ৰৱাৰ ৰাইজে ।

Your Comments