মালয়ছিয়াত ধৰ্মীয় ভাষণ দিয়াত বাধা বিতৰ্কিত বক্তা জাকিৰ নাইকক

naik

মুম্বাইত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান মালয়ছিয়াৰ নিবাসী বিতৰ্কিত ইছলামীয় বক্তা জাকিৰ নাইকক ধৰ্মীয় ভাষণ দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে মালয়ছিয়াৰ চৰকাৰে।মালয়ছিয়াৰ কোনো স্থানতে নাইকে ধৰ্মীয় ভাষণ আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে দেশখনৰ চৰকাৰে।

মালয়ছিয়াৰ সংখ্যালঘু হিন্দুসকলৰ অৱস্থা ভাৰতৰ সংখ্যালঘু মুছলমান সকলতকৈ উন্নত বুলি নাইকে মন্তব্য কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল।মালয়ছিয়াৰ সংখ্যালঘু হিন্দুসকলৰ লগতে সংখ্যালঘু চীনা মূলৰ লোকসকলৰ বিৰুদ্ধেও বিদ্বেষমূলক ভাষণ দিছিল নাইকে।

Your Comments