স্বাধীনতা দিৱসত বিধ্বস্ত পথ মেৰামতিৰে প্ৰতিবাদত নামিল কলাইগাঁৱৰ ৰাইজ

স্বাধীনতা দিৱসত বিধ্বস্ত পথ মেৰামতিৰে প্ৰতিবাদত নামিল কলাইগাঁৱৰ ৰাইজ

সমগ্ৰ দেশবাশীয়ে ৭২সংখ‍্যক স্বাধীনতা দিৱসৰ উছাহত মতলিয়া হৈ থকাৰ সময়তে কলাইগাঁৱৰ বোক্ৰাঝাৰ বাগিচাৰ ৰাইজে জৰাজীৰ্ণ পথত শ্ৰমদান কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে ।

১নং কলাইগাঁও, কেন্দেৰি, বোক্ৰাঝাৰ বাগিচা, খাচ বোক্ৰাঝাৰ সংযোগী গৰুবান্ধা-গোমঠা পথৰ বিধ্বস্ত ৰূপে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰাত অঞ্চলকেইটাৰ ৰাইজ যথেষ্ট সমস্যাত পৰিছে ৷

স্বাধীনতা দিৱসত বিধ্বস্ত পথ মেৰামতিৰে প্ৰতিবাদত নামিল কলাইগাঁৱৰ ৰাইজ

উল্লেখ্য যে পথটোৰ বাবে প্ৰায় ৫ মাহ পুৰ্বে এমজি এনৰেগা আঁচনিৰ ৭ লাখ টকা আৱণ্টন দিয়াৰ পিছত পথটোৰ কিছু অংশ কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ আনিছে প্ৰতিবাদকাৰীসকলে ।

আনহাতে, ৬ মাহৰ ভিতৰতে পুনৰ বিটিচি চিডি পুঁজিৰ পৰা পুনৰ প্ৰায় ৫০ লাখ টকা পথটো ব্লকেৰে পুনৰ নিৰ্মাণৰ বাবে আৱণ্টন দিয়ে ৷ 

স্বাধীনতা দিৱসত বিধ্বস্ত পথ মেৰামতিৰে প্ৰতিবাদত নামিল কলাইগাঁৱৰ ৰাইজ

 এতিয়া পথটো নিৰ্মাণৰ নামত পথটোৰ দুয়োকাষে মঠাউৰি সদৃশ কৰি মাটি দ'ম কৰি ৰখাত মাজৰ অংশটোত একাঁঠু বোকা-পানী জমা হোৱাত যাতায়াতৰ বাবে অচল হৈ পৰা পৰিলক্ষিত হৈছে ।

যোৱা ১ আগষ্টত ৰাইজ তথা মহিলাসকল ওলাই আহি পথটোত কঠীয়া ৰুই ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰাৰ বাতৰি সংবাদ মাধ‍্যমত প্ৰকাশ পোৱাৰ পিছতো গা নলৰাত স্বাধীনতাৰ উৎসাহ পৰিহাৰ কৰি পুনৰ পথটোত শ্ৰমদান কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে স্থানীয় ৰাইজে ।

Your Comments