দুই ফৈদৰ কাজিয়াত গৰ্ভতে প্ৰাণ গ'ল ভূমিস্থ হ'বলগীয়া দুটি শিশুৰ : নেদেখিলে পৃথিৱীৰ পোহৰ 

নগাঁও,ৱাহিদুদ জামান :

পাষাণ মানৱৰ বাবেই ভূমিস্থ হৈ পৃথিৱীৰ পোহৰ দেখিবলৈ নৌপাওঁতেই মাতৃ গৰ্ভতেই অকাল মৃত্যুক সাৱটি ল'ব লগীয়া হ'ল দুটি দেৱ শিশু।দুই ফৈদৰ কাজিয়াৰ পৰিণতিত মাতৃ গৰ্ভতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি ললে ভূমিস্থ হ'বলগীয়া শিশু দুটিয়ে ।এই মৰ্মান্তিক ঘটণাটো সংঘটিত হৈছে নগাঁও জিলাৰ ৰৌমাৰী অঞ্চলত।জানিব পৰা মতে যোৱা ১ আগষ্টত নগাঁও জিলাৰ ৰৌমাৰীৰ মছজিদৰ সমীপত ৰফিকুল ইছলাম আৰু আৰিফুল ইছলাম নামৰ দুজন লোকৰ মাজত প্ৰচণ্ড কাজিয়া হৈছিল।ধনৰ লেনদেনক কেন্দ্ৰ কৰি এই কাজিয়াৰ সূত্ৰপাত হৈছিল। ৰফিকুল ইছলাম আৰু আৰিফুল ইছলামৰ মাজত প্ৰচণ্ড মাৰপিট লগাত নিজৰ স্বামী আৰিফুল ইছলামক কাজিয়াৰ পৰা আঁতৰাই আনিবলৈ গৈছিল চেলিমা আখতাৰ নামৰ এগৰাকী মহিলা।তেওঁ আঠ মাহৰ অন্তঃসত্বা আছিল।কিন্তু সিদিনা সেই কাজিয়াৰ পৰা স্বামীক আঁতৰাবলৈ গৈ গুৰুতৰভাবে আহত হৈছিল ৮ মাহৰ অন্তঃসত্বা চেলিমা আখতাৰ নামৰ মহিলা গৰাকী । অভিযোগ অনুসৰি,এই মহিলা গৰাকীৰ পেটতে গোৰ শোধাইছিল ৰফিকুল নামৰ লোকজনে । যাৰ ফলত আঠমাহৰ অন্তঃসত্বা মহিলা গৰাকী অতি গুৰুতৰ ভাৱে আহত হৈছিল।পিছত মহিলা গৰাকীক নগাঁও চহৰৰ ডিউ কেয়াৰ নামৰ এখন নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।চিকিৎসকে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি গৰ্ভৱতী মহিলা গৰাকীৰ জীৱন ৰক্ষা কৰে যদিও তেওঁৰ পেটত থকা দুটিকৈ শিশুক ৰক্ষা কৰিব নোৱাৰিলে।কিয়নো কাজিয়া ভাঙিবলৈ যোৱা গৰ্ভৱতী মহিলা গৰাকীৰ ভূমিস্থ হ'বলগীয়া দুটিকৈ শিশুৰ তেওঁৰ পেটতে মৃত্যু হয় । এই অবাঞ্চিত ঘটনাত এতিয়া ম্ৰিয়মান হৈ পৰিছে প্ৰসূতি গৰাকীৰ আত্মীয়সকল ।ইপিনে, এই সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত ভূক্তভোগী পৰিয়ালটোৱে ৰফিকুল ইছলামৰ লগতে ৱাহেব আলী, ইব্ৰাহিম আলী ছাইফুল ইছলাম, মস্কিদুল ইছলাম আৰু মজবুৰ ৰহমানৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰা কথাটোত আশ্বৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Your Comments