অসম চুক্তিৰ ৩৩ বছৰ সম্পূৰ্ণ কৰাৰ প্ৰাক্মুহূৰ্তত সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই
ঐতিহ্যমণ্ডিত কৃষক ছহিদ ভৱনৰ সন্মুখত অসম আন্দোলনত ছহিদ হোৱা ৮৫৫গৰাকীতকৈ অধিক জাতীয় ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্জ্বালন কৰে ।
অনুষ্ঠানটোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে বন্তি প্ৰজ্জ্বালন কাৰ্যসূচী আৰম্ভ কৰি বীৰ ছহিদসকলক শ্ৰদ্ধাঞ্জলি জনাই কয় যে ছহিদসকলৰ ত্যাগক অথলে যাবলৈ দিয়া নহ'ব ।
অসম চুক্তিৰ ৩৩ বছৰ পূৰ্ণ হ'ল, কিন্তু চুক্তিৰ মূল দফাসমূহ এতিয়ালৈকে ৰূপায়ণ কৰা নহ'ল । অবৈধ বিদেশী নাগৰিক চিনাক্তকৰণ নহ'ল, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন নহ'ল, অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ নহ'ল ।
চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণ কৰিলেহে বীৰ ছহিদসকলৰ আত্মাই শান্তি পাব বুলি উল্লেখ কৰি নেতাগৰাকীয়ে সোনকালে চৰকাৰক অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ লগতে অসম চুক্তি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ।
আজিৰ বন্তি প্ৰজ্জ্বালন অনুষ্ঠানটোত সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা প্ৰবাল বুজৰবৰুৱা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকা, সম্পাদক নিউটন কলিতাৰ লগতে বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ নেতাসকলৰ একাংশকে ধৰি বহু লোক উপস্থিত থাকে ।
অনুষ্ঠানটোৰ আঁতধৰে ৰঙিয়া আছুৰ সহকাৰী সম্পাদক জয়ন্ত শৰ্মাই ।
- Log in to post comments
- 27 views