লংকাত পথ নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

hojai

লঙ্কাৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

এটা পথক কেন্দ্ৰ কৰি এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে  ৯২ নং লামডিং বিধানসভা সমষ্টিৰ  ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ এই সকল স্থানীয়‌ ৰাইজে ।চৰকাৰ আহে আৰু যায়,কিন্তু এই সকল দুৰ্ভগীয়া ৰাইজৰ সমস্যাবোৰ যেন সমস্যা হৈয়ে ৰৈ যায় । স্থানীয় ৰাইজে পথটোৰ উন্নয়নৰ দাবীত আজি সাব্যস্ত কৰে প্ৰতিবাদ। বিজেপি হায় হায় লামডিংৰ বিধায়ক হায় হায় আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে এই পথছোৱা।পথ আছে ঠিকেই কিন্তু পথৰ একেবাৰে তথৈবচ অৱস্থাৰ বাবে নৰক যন্ত্ৰণা ভূগি আহিছে অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে।পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত প্ৰৱেশ নকৰে ১০৮ মৃত্যুঞ্জয় সেৱাও ।অভিযোগ অনুসৰি,ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথছোৱা নিৰ্মাণৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত ২০১৪-১৫ বৰ্ষত ১৭,৯৩,৩৪২ টকা আবন্টিত হোৱাৰ লগতে সেই একেটা পথ নিৰ্মাণৰ বাবে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট‌ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত ১৪৪০০০টকা আবন্টিত হৈছিল ।monoj pathak

কিন্তু,একেটা পথৰ নামত দুখনকৈ আঁচনিৰ ধন আবন্টিত হোৱাৰ পিছতো ৰহস্যজনকভাৱে আজি পৰ্যন্ত নিৰ্মাণ নহ'ল পথটো ।পথৰ দুয়ো কাষে দুখনকৈ ফলক আৰিয়ে দায়িত্ব সামৰিলে পঞ্চায়তটোৰ বিষয়া,ঠিকাদাৰে ।সেয়েহে পুখুৰী সদৄশ এই পথত জীয়াতু ভূগি অঞ্চলবাসী ক্ষুদ্ধ হৈ পৰাৰ লগতে পঞ্চায়তটোৰ বিষয়া,ঠিকাদাৰে মিলি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি প্ৰতিবাদ‌ সাবস্ত্য কৰিলে স্থানীয় ৰাইজে ।ৰাজ্যৰ পঞ্চায়ত‌ৰাজ ব্যৱস্থাত যে এতিয়াও চৰম অনিয়ম সংঘটিত‌ হৈ আছে  সেই  কথাকেই যেন এই পথছোৱাই পুনৰ প্ৰমাণিত‌ কৰিলে।

Your Comments