সোণাৰি মহাবিদ্যালয়ৰ বৰ্ষজোৰা "সোণালী জয়ন্তী বৰ্ষ" উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভণি

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
১৯৭০ চনত প্ৰতিষ্ঠা হোৱা উজনি অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ে বৰ্তমানে সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে।উক্ত বৰ্ষজোৰা কাৰ্যসূচীৰ শুভ উদ্বোধনী অনুষ্ঠানটি সোমবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি উদযাপন সমিতিৰ সভাপতি তপন কুমাৰ গগৈ অনুপস্থিতিত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁইৰ লগতে ৫০গৰাকী বিশিষ্ট ব্যক্তিৰদ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন পতাকা উত্তোলন কৰা পাছতে মুখ্য সম্পাদক ড° বিমল চন্দ্ৰ গগৈয়ে স্মৃতি তৰ্পণ কাৰ্য্যসূচী মুকলি কৰে। প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰ, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ বুধিন গগৈ, উপায়ুক্ত দীপক কুমাৰ সন্দিকৈ, সমাজকৰ্মী বাণী চাংমাই, পুনাৰাম চাংমাই বৃক্ষ ৰোপন কাৰ্যসূচী আৰম্ভ কৰাৰ  পাছত প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁই প্ৰাক্তন ছাত্ৰ -ছাত্ৰী ভৱনৰ লাইখুটা স্থাপন কৰাৰ উপৰিও চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে নৱনিৰ্মিত কেণ্টিন উদ্বোধন কৰে। আনহাতে দুপৰীয়া চৰাইদেউ জিলাৰ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে  মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁই।  ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° বিনোদ বৰা মুখ্য অতিথি হিচাপে উপস্থিত থকা মুকলি সভাখনত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ,  মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়া তথা বিশিষ্ট ব্যক্তি বংশীধৰ শ্যাম, উপেন ফুকন, ডিম্বেশ্বৰ গগৈৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, সাংস্কৃতিক সম্পাদক অনিল গগৈ, কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।  প্ৰাক্তন ছাত্ৰ বিপিন শৰ্মাই প্ৰাক্তন ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানটি উদ্বোধন কৰে।

Your Comments