স্বাধীনতা দিৱসৰ পূৰ্বে গোলাঘাটত পিষ্টলসহ এজন আটক

pistal

গোলাঘাটৰ প্ৰতিবেদক

১৫ আগষ্টৰ ,স্বাধীনতা দিৱসৰ পূৰ্বে নিৰাপত্তাজনিত কাৰণত গোলাঘাট আৰক্ষীয়ে চলোৱা অভিযানত দুটাকৈ পিষ্টলসহ এজন লোকক আটক কৰিবলৈ সক্ষম হ'য় গোলাঘাট আৰক্ষী। জানিব পৰা মতে , মেৰাপানী অঞ্চলৰ দ্বীপেন বৰা নামৰ এই লোকজনে স্বাধীনতা দিৱসত কোনো কূটাঘাতৰ লক্ষ্যেৰেই এনেকৈ মৰাণাস্ত্ৰ লগত ৰখা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

Your Comments