'এবিভিপি'ৰ হাউলী শাখা সমিতি গঠন

bar

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ

 

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ ২০১৯-২০ বৰ্ষৰ হাউলী শাখা সমিতিখন দেওবাৰে  হাউলী শংকৰদেৱ শিশু নিকেতনত গঠন কৰা হয় । সভাখনত সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰপেটা জিলাৰ কাৰ্য্যনিৰ্বাহক  নৱ কুমাৰ পাঠকে। মুখ্য বক্তা হিচাপে উপস্থিত থাকে এবিভিপিৰ অসম প্ৰদেশৰ ৰাজ্যিক  সম্পাদক ৰাকেশ দাস।

bar

সভাত বৰপেটা জিলাৰ সংযোজক ৰাজু সূত্ৰধৰ,জিলা সহঃসংযোজক কৌশিক বৰুৱা উপস্থিত থাকে।হাউলী শাখাৰ সমিতিখনত সভাপতি মানস পাঠক,উপ-সভাপতি ভাৰ্গৱ বৈশ্য,ভাগ্যশ্ৰী দাস, সম্পাদক অদীপ দাস,সহকাৰী সম্পাদক সুজিৎ কৰ্মকাৰ, অমিত কুমাৰ, চুমি দাসক লৈ ৩৪ জনীয়া সমিতিখন গঠন কৰা হয়।

Your Comments