নৰেন শৰ্মাৰ বিশেষ প্রতিবেদন :
মঙ্গলদৈৰ পৰা ধুবুৰীৰ মহামায়া মন্দিৰ অভিমুখী বোল বোমৰ ভক্তৰ দল কঢ়িওৱা এখন গাড়ী যোৱানিশা নলবাৰীৰ বৰকুৰাত দুৰ্ঘটনাত পতিত হয়।দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে পিক আপ ভেন আৰু ট্ৰাকৰ মাজত সংঘটিত হৈছিল এই দুৰ্ঘটনা। জানিব পৰা মতে পিক আপ ভেন খনতে মঙ্গলদৈৰ প্ৰফুল্ল নগৰৰ পৰা আহিছিল বোল বোমৰ যাত্ৰীৰ দলটো । এই দুৰ্ঘটনাত দলটোৰ ৩০গৰাকী যাত্ৰী কম বেছি পৰিমাণে আহত হোৱাৰ লগতে দুই যাত্ৰীৰ মৃত্যু হয়। দুৰ্ঘটনাত পতিত গাড়ী দুখনৰ নম্বৰ হল এ এছ ১৩ চি ২০৩৮ আৰু এ এছ ১০এ চি ০৭৮৭
- Log in to post comments
- 82 views