লাহৰীঘাটৰ পৰা স্বামিমুল ইছলাম :
মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত হাতীলৰুৱা পথাৰ গাঁৱৰ দুগৰাকী উদীয়মান শিক্ষিত যুৱক জাহাংগীৰ আলম আৰু আবুহুৰাই ইউবিআই বেংক, বন্ধন বেংক আৰু সমিতিৰ পৰা ১৩ লাখ টকা ঋণ লৈ ২৭ বিঘা মাটিত মালভোগ কলৰ খেতি জৰিয়তে স্বাৱলম্বী হোৱাৰ সোণালী সপোন ৰচিছিল।কিন্তু বলিয়া বানে কৃষক দুগৰাকীৰ সমস্ত সপোন তচ-নচ কৰি দিয়ে। মথাউৰি ছিঙি পলকতে প্ৰায় ডেৰ শতাধিক গাঁও বানত কৱলত বুৰ গৈ আতংকময় পৰিৱেশৰ সৃষ্টি হয় গঞাৰ মাজত।
বানৰ প্ৰচণ্ড সোঁতে ধ্বংস কৰে সমগ্ৰ কলৰ খেতি।বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত খেতিয়ক দুগৰাকীয়ে দেওবাৰে কল খেতিৰ পথাৰলৈ গৈ এফালে বেংকৰ পৰা লোৱা ঋণৰ চিন্তা, আনহাতে খেতিৰ জৰিয়তে ৰচা সপোনৰ কথা ভাবি হতভম্ব হৈ পৰে।এনে অসহায় পৰিস্থিতিত তেওঁলোকে সংবাদৰ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি মন্ত্ৰী অতুল বৰাক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে।
ইফালে,আবুহুৰাই ২০১৪ চনত মৰিগাঁও জিলাৰ কৃষি বিভাগৰ তৰফৰ পৰা জিলাখনৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ খেতিয়ক হিচাপে নগদ ধন ২০,০০০ টকাৰ লগতে মানপত্ৰও লাভ কৰা বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 10 views