শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :
শিৱসাগৰৰ শিৱদ'লৰ সন্মুখত আজি পুৱা সংঘটিত হোৱা এক চুৰি কাৰ্যই লজ্জানত কৰিলে প্ৰতিজন শিৱসাগৰবাসীক। পবিত্ৰ শাওন মাহ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লত হাজাৰ হাজাৰ বলবম ভক্তৰ সমাবেশ ঘটে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য সমূহৰ পৰাও ভক্ত প্ৰাণ ৰাইজৰ সোঁত বয় শিৱসাগৰলৈ। আজি পুৱা অৰুণাচলৰ নাহৰলগুনৰ পৰা এ এচ ০৭ এ চি ০৬৯৯ নম্বৰৰ বলেৰ' পিকআপ গাড়ী এখনত সাতজনীয়া তীৰ্থ যাত্ৰীৰ দল এটা শিৱ দ'ল প্ৰাঙ্গণত উপস্থিত হয়৷ তেওঁলোকে আহি পাই পোনে পোনে পূজা অৰ্চনা কৰিবলৈ শিৱদ'লৰ ভিতৰলৈ যায়। প্ৰায় বিশ মিনিটৰ পিছত পূজা কৰি ঘূৰি আহি দেখে যে তেওঁলোকৰ গাড়ীখনৰ আটাইকেইখন গ্লাচ কোনোবাই ভাঙি থৈছে। পৰৱৰ্তী সময়ত তেওঁলোকে গাড়ীৰ দুৱাৰ খুলি সা-সামগ্ৰী সমুহ প্ৰত্যক্ষ কৰি দেখে যে তেওঁলোকৰ পাঁচটা মোবাইল ফোনৰ উপৰিও পঞ্চাশ হাজাৰৰো অধিক টকা লুট কৰি নিয়ে। তেওঁলোকে ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত দুষ্কৃতিকাৰী দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে বলবম উপলক্ষে, শিৱসাগৰ আৰক্ষীয়ে চহৰখনত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰে যদিও দিনৰ পোহৰত দ'ল চৌহদৰ সন্মুখৰ পৰা গাড়ীৰ গ্লাচ ভাঙি কি দৰে দুৰ্বৃত্তই নগদ ধন সহ মোবাইল ফোন লুট কৰি নিবলৈ সক্ষম হ’ল তাক লৈ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
দীঘদিন ধৰি দৌল চৌহদত একাংশ ব্যক্তিয়ে আশ্ৰয় লৈ পৰিবেশ বিনিষ্ট কৰাৰ লগতে বিভিন্ন সময়ত নানা অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে। এইসকল ব্যক্তিৰ সতী সন্তান সকলে দিনটো পথাচাৰীৰ পৰা ভিক্ষা কৰি ধন আহৰণ কৰে আৰু ৰাতি এইসকল শিশুৱে চুৰি কাৰ্য সংঘটিত কৰি অহাৰ গুৰুত্ব অভিযোগ উঠিছে। কিছু সমাজ সচেতন ব্যক্তিয়ে এই সকল শিশুক ধৰি নি শিশুগৃহত ৰাখি বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল যদিও পুনৰ তাৰ পৰা পৰিয়ালৰ লোকে লৈ আনি দ'ল চৌহদত ভিক্ষা বৃত্তিত জড়িত কৰায়।
প্ৰশাসনে দ'লৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে দ'ল প্ৰাঙ্গণত থকা দোকানসমূহ উচ্চেদ কৰিছিল যদিও এইসকল লোকে দ'ল চৌহদত দিনে-নিশাই ভাত ৰান্ধি পৰিবেশ বিনিষ্ট কৰিছে। এইসকল ব্যক্তিৰ ক্ষেত্ৰত জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা লবলৈ জনসাধাৰণে আহ্বান জনাইছে ।
- Log in to post comments
- 25 views