বিজনী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতাৰ সামৰণি

bgn

বঙাইগাঁওঁঃ 

চিৰাং জিলাৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত  আন্তঃ ক্লাব ফুটবল লীগ প্ৰতিযোগিতাৰ 'এ' আৰু 'বি' ডিবিজনৰ চূড়ান্ত খেল দুখন আজি জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয়।  আজিৰ 'এ' ডিবিজনৰ চূড়ান্ত খেলখনত বিজনীৰ ফেৰেংঘা ক্লাবে বেচৰগাঁওৰ জাওলীয়া আফাতক ৬-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ডাফাদাৰ মাইগাব বড়ো নাৰ্জাৰী ট্ৰফী আৰু নগদ ৭০০০ টকাৰে বিজয়ী দলৰ সন্মান আৰু  জাওলীয়া আফাতে তৰুণ দত্ত সোৱৰণী বটাঁ আৰু নগদ ৫০০০ টকাৰে বিজিত দলৰ সন্মান লাভ কৰে ।bgn2

আনহাতে 'বি' ডিবিজনৰ আনখন চূড়ান্ত খেলত দৈমালু ক্লাবে সৌমখৌৰ মানাসক ২-০ গলৰ ব্যবধানত পৰাস্ত কৰি বীৰেন্দ্ৰগিৰি বসুমতাৰী সোঁৱৰণী ট্ৰফী আৰু নগদ ৬০০০ টকা আৰু সৌমখৌৰ মানাসে গোবিন্দ বসুমতাৰী সোঁৱৰণী ট্ৰফীৰ লগতে নগদ ৪০০০ টকাৰে বিজিত দলৰ সন্মান লাভ কৰে। খেলৰ অন্তত জিলা ক্ৰীড়া সন্থাৰ সভাপতি কুলজিত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বটাঁ বিতৰণী অনুষ্ঠানত বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ লগতে অসম ফুটবল সন্থাৰ উপ সভাপতি বলোৰাম ব্ৰহ্ম,বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি,প্ৰাক্তন বিধায়ক ৰমিও ব্ৰহ্ম আৰু কমল ব্ৰহ্মই উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে ৷

Your Comments