বিজেপিৰ দখলৰ পৰা যাব পাৰে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়

বিজেপিৰ দখলৰ পৰা যাব পাৰে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়

বিজেপিৰ দখলত থকা তিনিখন ৰাজ্য হেৰুওৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ এক সমীক্ষামতে, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড় বিধানসভা বিজেপিৰ হাতৰ পৰা কংগ্ৰেছৰ হাতলৈ যাব ৷

বিজেপিৰ দ্বাৰা শাসিত তিনিখন ৰাজ্যৰে ভোটাৰ অসন্তুষ্ট ৷ এইবাৰ কংগ্ৰেছক সুযোগ দিয়াৰ সম্ভাৱনা ৷ এ বি পি নিউজ আৰু চি ভোটাৰে যৌথভাৱে ১ জুনৰ পৰা ১০ আগষ্টলৈকে সমীক্ষা চলাইছিল ৷

বিজেপিৰ দখলৰ পৰা যাব পাৰে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়

৬৫টা লোকসভা সমষ্টি সামৰি ২৭ হাজাৰ ২৬৮জন ভোটাৰক লৈ চলোৱা সমীক্ষাত ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছে জয়লাভ কৰাটো নিশ্চিত বুলি ক’ব বিচাৰে ৷

সমীক্ষাটোৰ মতে মধ্যপ্ৰদেশৰ ২৩০খন বিধানসভা আসনৰ ১১৭খন কংগ্ৰেছ, বিজেপিয়ে ১০৬খন আৰু অন্যান্য দলে ৭খন আসন লাভ কৰিব ৷ সমীক্ষাটোৰ মতে মধ্যপ্ৰদেশত ৪২ শতাংশ ভোট কংগ্ৰেছে, ৪০ শতাংশ ভোট বিজেপিয়ে আৰু ১৮ শতাংশ ভোট অন্যান্য দলে লাভ কৰিব ৷

বিজেপিৰ দখলৰ পৰা যাব পাৰে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়

সমীক্ষাটোৰ মতে ৰাজস্থানৰ ২০০খন আসনৰ নিৰ্বাচনত কংগ্ৰেছে ৫১ শতাংশ ভোটাৰে ১৩০খন আসন লাভ কৰিব ৷ শাসকগোষ্ঠী বিজেপিয়ে ৩৭ শতাংশ ভোট লাভ কৰি নিজৰ পক্ষত ৫৭খন আসনতে ৰাখিবলৈ সক্ষম হ’ব ৷

অন্যান্য দলে ১৩খন আসন লাভ কৰিব ৷ ৰাজস্থানত অৱশ্যে বিজেপি চৰকাৰৰ প্ৰতি ৰাইজ বিতুষ্ট ৷
ছত্তীশগড় বিধানসভাৰ আসন ৯০খন ৷

বিজেপিৰ দখলৰ পৰা যাব পাৰে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়

এ বি পি নিউজ আৰু চি ভোটাৰৰ সমীক্ষামতে ছত্তীশগড়ত ৫৪খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব ৷ বিজেপিয়ে ৩৩খন আৰু অন্যান্য দলে ৩খন আসন লাভ কৰিব ৷

সমীক্ষাটোৰ মতে তিনিওখন বিজেপিশাসিত ৰাজ্যৰ বিধানসভা কংগ্ৰেছে দখল কৰাৰ সম্ভাৱনা আছে যদিও লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত ৰাইজৰ মতামত সম্পূৰ্ণ বিপৰীতধৰ্মী ৷

লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত মোডীৰ প্ৰতি সমৰ্থন ৪৬ শতাংশৰ ৷ কংগ্ৰেছৰ ৰাহুলৰ প্ৰতি সমৰ্থন ৩৯ শতাংশৰহে ৷
এনে সমীক্ষাবিলাক সময়ত শুদ্ধ নহ’বও পাৰে; কিন্তু ৰাজনৈতিক বাতাৱৰণৰ কিছু ধাৰণা স্পষ্ট কৰে ৷
 

Your Comments