সমগ্ৰ অসমৰ লগতে বিটিচিৰ ওদালগুৰি জিলাতো ৭২সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷
ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্তৰ খেলপথাৰত এই উপলক্ষে কেইবাদিনৰে পৰা অনুশীলন চলি আছে ।
স্বাধীনতা দিৱস উদ্যাপনৰ কাৰ্যসূচীত ওদালগুৰি জিলাৰ ১৮খন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী প্ৰশাসনৰ ১০টাকৈ প্লাটন আৰু ভাৰতীয় সেনাবাহিনীৰ মিউজিক বেণ্ডৰ মাৰ্চপাষ্টৰ অন্তিম অনুশীলনৰ অভিবাদন গ্ৰহণ কৰে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।
ইপিনে এন আৰ চিৰ বাবে আৰক্ষী বাহিনীৰ লোকসকল নিয়োজিত থাকিলেও পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰক্ষী থকা হেতুকে স্পৰ্শকাতৰ এলেকাসমূহত নাকা চেকিঙৰ ব্যৱস্থাৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।
স্বাধীনতা দিৱস উদ্যাপনক লৈ এতিয়া জিলাখনৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷
- Log in to post comments
- 16 views