লোকসভা নিৰ্বাচনৰ লগতে ১১ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পোষকতা বিজেপিৰ

লোকসভা নিৰ্বাচনৰ লগতে ১১ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পোষকতা বিজেপিৰ

২০১৯ৰ লোকসভা নিৰ্বাচনৰ লগতে দেশৰ ১১খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে বিজেপিয়ে । এই প্ৰসংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে দেশৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে । 

অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তেলেংগানা, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, মিজোৰাম, আৰু বিহাৰ বিধানসভা নিৰ্বাচন লোকসভা নিৰ্বাচনৰ লগতে অনুষ্ঠিত কৰিব বিচাৰে বিজেপিয়ে ।

লোকসভা নিৰ্বাচনৰ লগতে ১১ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পোষকতা বিজেপিৰ

বিজেপিৰ ৰাজনৈতিক অংক উপলব্ধি কৰিছে বিৰোধী দলসমূহে । বিৰোধী দলৰ ধাৰণা- বিজেপি বৰ্তমান জনসাধাৰণৰ পৰা বহু দূৰলৈ গৈছে । গতিকে লোকসভাৰ ফলাফল বেয়া হ'লে ৰাজ্যসমূহৰ নিৰ্বাচনত তাৰ প্ৰভাৱ পৰিব । 

সেয়েহে, একেলগে নিৰ্বাচন পাতিব বিচাৰিছে শাসনাধিষ্ঠিত দলটোৱে । লক্ষণীয়ভাৱে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে ইতিমধ্যেই বিজেপিৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে ।
 

Your Comments