
নিউজ ডেস্ক :
চেক গণৰাজ্যত অসম কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে স্বৰ্ণ জয় অভিযান অব্যাহত ৰাখিছে। ৪০০মিটাৰ দৌৰত হিমা দাসে পুনৰ দেশৰ বাবে আজুৰি আনিল স্বৰ্ণ পদক। প্ৰতিযোগিতা খনত ৪০০ মিটাৰ সম্পূৰ্ণ কৰাৰ বাবে হিমাক প্ৰয়োজন হৈছিল ৫৯.০২চেকেণ্ড।
উল্লেখ যে চলিত মাহৰ ২জুলাইৰ পৰা ২০জুলাইৰ ভিতৰত এইয়া হৈছে হৈছে অসম কন্যা হিমা দাসৰ পঞ্চমটো স্বৰ্ণজয়।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ৪০০মিটাৰ দৌৰত হিমাই স্বৰ্ণ জয় কৰিবলৈ সক্ষম হলেও হিমা দাসক নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়োজন হৈছে পুৰ্বতকৈ অধিক সময়ৰ। যাৰ বাবে কিছু চিন্তিত হৈ পৰিছে প্ৰশিক্ষক সকলৰ লগতে ৰাজবাসীয়ো।কাৰণ আগন্তক টকিঅ অলিম্পিকত সমগ্ৰ ৰাজ্যবাসীয়ে হিমাক লৈ যথেষ্ট আশাবাদী।
আনহাতে হিমা দাসৰ এই পদক জয়ৰ ধৰাবাহিকতাত এতিয়া উৎফুল্লিত দেশবাসী।
- Log in to post comments
- 38 views