কাজিৰঙাৰ বানত এই পৰ্যন্ত ১২৯ টা বন্যপ্ৰাণীৰ মৃত্যু,গঁড়ৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে ১১ টালৈ 

gar

ৱাহিদুদ জামান,নগাঁও :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰৰ প্ৰলয়ংকৰী বানে প্ৰাণ কাঢ়িলে ১১ টাকৈ বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ লগতে মুঠ ১২৯ টা বন্যপ্ৰাণীৰ। কাজিৰঙাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে আজি প্ৰকাশ কৰা তথ্য অনুসৰি, এইবাৰৰ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পৰ্যন্ত মুঠ ৮৭ টা পহুৰ মৃত্যু হৈছে।

kaziranga তাৰ ভিতৰত গাড়ীৰ খুন্দাত ১৫ টা, পানীত পৰি ৬২ টা, অন্যান্য কাৰণত ১০ টা পহুৰ মৃত্যু হৈছে। তাৰোপৰি চিকিৎসাধীন অৱস্থাত ৫ টা পহুৰ মৃত্যু হৈছে। আনহাতে, এইবাৰৰ বানত ৰাষ্ট্ৰীয় উদ্যান খনত  মৃত্যু হৈছে ১১টা গঁড়ৰো।ইয়াৰে পানীত ডুবি ১০টা গঁড় আৰু অন্যান্য কাৰণত ১ টা গড়ৰ মৃত্যু হয়। বাঢ়নী পানীত ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা হাতী, ৫ টা পোৱালি হৰিণ,এটা  ম'হ, ৮ টা বনৰীয়া গাহৰি, ২ টা কেটেলা পহু, ৯ টা দল হৰিণৰ মৃত্যু হয়। ইয়াৰে এটা দল হৰিণৰ গাড়ীৰ খুণ্ডাত মৃত্যু হয়।kaziranga

চলিত বানত অভয়াৰণ্য খনৰ ৬৪ টা বন্য জন্তু উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে প্ৰয়োজনীয় চিকিৎসাৰ পাছত ৪৩ টা পহু সহ ৫২ টা বন্যপ্ৰাণী মুকলি কৰি দিয়া হৈছে। বৰ্তমান পানবাৰী বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত ৮ টা বন্যপ্ৰাণী চিকিৎসাধীন হৈ আছে। ইয়াৰ ভিতৰত ৬ টা পহু আৰু ২ টা গড় আছে। আনহাতে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৫ টা পহুৰ।

ৱাহিদুদ জামান

Your Comments