লংকা আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ চাৰিটা সদস্য

thief

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

ডিমাপুৰত বলেৰ' পিকআপ গাড়ী বিক্ৰী কৰি লামডিং সংৰক্ষিত বনাঞ্চলত গাড়ী চুৰি হোৱাৰ নাটক কৰি আৰক্ষীৰ হাতত আটক  চাৰিটা চোৰ।আটকাধীন চোৰ ক্ৰমে গাড়ীখনৰ গৰাকী ছোলেমান আলি(নগাঁও),ৰিজু খান(জুৰিয়া),জিয়াবুৰ ৰহমান(ধিং) আৰু কুটুবুদ্দিন(ধিং)।জানিব পৰা মতে,বৃহস্পতিবাৰে নিশা হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ মাজত অচিনাক্ত দুৰ্বৃত্তই বলেৰো পিক আপ ভান AS 02 BC 1960 নম্বৰৰ গাড়ীখন লামডিং অভিমুখে গৈ থকা অৱস্থাত অচিনাক্ত কোনো দুৰ্বৃত্তই অস্ত্ৰ দেখুৱাই  ভয়-ভাবুকিৰে গাড়ী ৰখাই,চালক আৰু হেন্দিমেনক গাড়ীৰ পৰা নমাই গাড়ীখন লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল গাড়ীৰ স্বত্বাধিকাৰী ছোলেমান আলীয়ে।

bb

উক্ত ঘটনা সন্দৰ্ভত জিলা উপ আৰক্ষী অধীক্ষক ,উদালী আৰু লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাই গাড়ীৰ  হেন্দিমেন আৰু চালকক সন্দেহবশত: জেৰা কৰাত অন্য এক ঘটনাহে পোহৰলৈ আহে | উল্লেখ যে,গাড়ীৰ স্বত্বাধিকাৰী ছোলেমান আলীয়ে ফাইনেন্স কোম্পানীক গাড়ীৰ ৮ টাকৈ কিস্তি পৰিশোধ কৰিৱ নোৱাৰাত, ফাইনেন্স কোম্পানীৰ পৰা ধন আত্মসাতৰ লালসাত উক্ত গাড়ীখন যোৱা ১৬ জুলাই তাৰিখে ডিমাপুৰত বিক্ৰী কৰি গাড়ী অপহৰণ কৰা হৈছে বুলি এখন নাটক ৰচনা কৰিছিল। পিছত লংকা আৰক্ষীৰ অনুসন্ধানত প্ৰকৃত তথ্য  পোহৰলৈ অহাত গাড়ীৰ স্বত্বাধিকাৰীসহ উক্ত চাৰি ধৃত গাড়ী চুৰি চক্ৰৰ সদস্যক আটক কৰি হোজাই জিলা প্ৰশাসনে চলাই আছে ঘটনা সন্দৰ্ভত তদন্ত।বৰ্তমান লামডিং আৰক্ষীৰ জিম্মাত ধৃত চাৰিটা গাড়ী চুৰি চক্ৰৰ সদস্য।

Your Comments