পৰ্যাপ্ত সাহাৰ্য প্ৰদানৰ দাবীত প্ৰেছ ক্লাৱ-আছু-এবিভিপিৰ স্মাৰকপত্ৰ 

nalbari

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৪ খন গাঁৱৰ মুঠ ৩৪ হেজাৰ ৯৭৩ গৰাকী বানপীড়িত গঞাই মাত্ৰ দুদিনৰ বান সাহাৰ্য লাভ কৰা ঘটনাই ৰাইজক ক্ষোভিত কৰি তুলিছে। ইতিমধ্যে, পৰ্যাপ্ত বান সাহাৰ্য্য প্ৰদানৰ দাবীত শুকুৰবাৰে বৰভাগ প্ৰেছ ক্লাৱ, বৰভাগ আঞ্চলিক ছাত্র সন্থা আৰু এবিভিপিৰ বৰভাগ, সমিতিয়ে বৰভাগৰ চক্ৰ বিষয়া গৰাকীক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে। বৰভাগ প্ৰেছ ক্লাৱৰ সভাপতি ৰমেন তালুকদাৰ, সাধাৰণ সম্পাদক হিমজ্যোতি ভূঞা, পত্ৰিকা সম্পাদক দন্ডীৰাম দাস,সহ: সম্পাদক পংকজ কলিতা, কাৰ্যনিৰ্বাহক অৰবিন্দ চক্ৰৱৰ্তীৰ নেতৃত্বত যোৱা সজাঁতি দলটোৱে বৰভাগৰ বন্যাৰ্তক উপযুক্ত সাহাৰ্য প্ৰদান, পশুধনৰ খাদ্যৰ ব্যৱস্থা, চিকিৎসা শিবিৰ স্থাপনৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদানৰ লগতে উক্ত বিষয়টো সন্দৰ্ভত চক্ৰ বিষয়া গৰাকীৰ সৈতে আলোচনাত মিলিত হয়।

একেদৰে, নলবাৰী জিলা ছাত্র সন্থাৰ সহ: সম্পাদক সমৰজ্যোতি মহন্ত, বৰভাগ আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বিপজ্যোতি তালুকদাৰ, সম্পাদক নয়নজ্যোতি কলিতাইয়ো চক্ৰ বিষয়া গৰাকীক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে, বৰভাগৰ বন্যাৰ্ত ৰাইজৰ মাজত প্ৰতিগৰাকী লোকৰ বিপৰীতে দুদিন হিচাবত ৩৮৩.৮৬ কুইন্টল চাউল, ৬৯.৯৩ কুইন্টল ডাইল, ২০.৯৮ কুইন্টল নিমখ, ২০৯৮.৮১ লিটাৰ মিঠাতেল, পশুধনৰ বাবে ৪৭৬ কুইন্টল চাপৰ-পূৰৱী দানা বিতৰণ কৰিছে। মন কৰিব লগা যে , এইবাৰৰ বানত বৰভাগৰ আৰংগমৌ, বিহদিয়া, নখেতি, ৰাইৎকুছি,উখুৰা,ক্ষুদ্ৰডিংডিঙি,কমাৰকুছি, চমাৰকুছি, ডিংডিঙি, পোৰাকুছি,কোটালকুছি,পান্ডুলা,ৰণাকুছি,বাংনাবাৰী, আঠঘৰীয়া, ৰাইমাধা,সানেকুছি, উত্তৰকুছি, বৰশিমলুৱা,বৰগাছা, বৰখালা, ডোকোহা, মৌৰা,দেহাৰকুছি,কিছমৎ,সোনকানি,সৰুবৰৰা, ক্ষুদ্ৰকুলহাটী, লৰমা বটাকুছি, চতমা, থানপাতকুছি, ১ নং সোনকুৰিহা, পূৰ্ণ দৈচপৰা, পূৰ্ণ কামদেৱ গাঁও বানৰ কবলত পৰিছে।

Your Comments