নদুৱাৰৰ গ্ৰাম্যাঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ 

chandan sarma

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :শোনিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলৰ হাটিঙাত জন বসতি পুৰ্ণ এলেকা ৰামপুৰ, ৰত্নপুৰ, জয়পুৰত আজি পুৱাৰে পৰা বনৰীয়া হাতীৰ মুক্ত বিচৰণে ৰাইজক আতংকিত কৰি ৰাখিছে ৷jamuguri2 উল্লেখযেগ্য যে কাজিৰঙা অভয়াৰণ্য আৰু ইয়াৰ ষষ্ঠ সংযোজন এলেকাত বিগত দিন সমুহৰ ভয়কৰ বান পৰিস্থিতিৰ পৰিপেক্ষিতত জীৱ জন্তু সমুহে নিৰাপদ আশ্ৰয় বিচাৰি সম্প্ৰতি ধাপলি মেলিছে জন অৰণ্যলৈ ৷ এনেদৰে ওলাই অহা এটা হাতী পোৱালি অলপতে মৃত্যু মূখত পৰিছে উত্তৰ নদুৱাৰৰ গড়বিলত ৷hati

আজি পুৱা পুনৰ এটি পোৱালি সহ কেইবাটাও বনৰীয়া হাতী অঞ্চলটোৰ ৰামপুৰ, ৰত্নপুৰ, জয়পুৰ গ্ৰম্যাঞ্চললৈ ওলাই আহাৰ  পিছত ৰাইজে অভয়াৰণ্যলৈ খেদি পঠোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই ৷ বৰ্তমান বন বিভাগেও উক্ত কাৰ্য্যত সহযোগিতা কৰিছে বুলি জানিবলৈ দিছে অঞ্চলবাসী ৰাইজে ।

Your Comments