গোৰেশ্বৰৰ প্ৰতিবেদক :
গোৰেশ্বৰ ৰাজহ চক্ৰ এলেকাত বান পৰিস্হিতি কিছু উন্নত হৈছে যদিও বিধস্ত হৈ পৰিছে বাট-পথ।এইক্ষেত্ৰত নিজকছুলা গাঁওখন বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে।যাৰ ফলত অসুস্থ লোকক ডাংকোলাকৈ নিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে।বিগত কেবা দিনো ধৰি গাঁওখনৰ ১৬টা পৰিয়াল সম্পূৰ্ণ জলবন্দি হৈ আছিল। ইয়াৰে এটা পৰিয়ালৰ ৰুমী কলিতা নামৰ মহিলা এগৰাকীয়ে কেবাইদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল।বান আক্ৰান্ত গাঁওখনত কোনো চিকিৎসা ব্যৱস্থা নথকাত ভাতৃয়ে দুই কিলোমিটাৰ নিলগৰ চেনীগাঁওত থকা ফাৰ্মাচিষ্টৰ(ঔষধৰ দোকানলৈ)ডাংকোলাকৈ লৈ গৈ চিকিৎসা কাৰোৱাব বাধ্য হয়।
অঞ্চলটোৰ লোকসকলে এতিয়া এনেদৰেই পথহীন গাঁওখনৰ পৰা একাঠু পানী আৰু বোকাৰ মাজেৰে অতি বিপদ সংকুল ভাৱেই যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে।
- Log in to post comments
- 7 views