বাক্সাৰ পৰা আমিনুল হকৰ প্রতিবেদন :
সমগ্ৰ ৰাজ্যখনৰ লগতে বৰপেটা জিলাতো বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে যদিও আজিও বহু অঞ্চলৰ লোকে আশ্ৰয় শিবিৰতে আছে। এনে সময়তে বৰপেটাৰোডস্থিত মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান আৰু কলা শাখাৰ ব্যাক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান গ্লোবেল ইনষ্টিউটৰ পৰা জিলা খনৰ বিভিন্ন স্থানত বানপীড়িত লোকৰ মাজত অলপতে সাহায্য সামগ্ৰী বিতৰণ কৰে। গ্লোবেল ইনষ্টিউটৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে ব্যক্তিগত ভাবে দান-বৰঙণি আগবঢ়াই বানাক্ৰান্তলৈ এই সাহায্য আগবঢ়ায়। ইনষ্টিউটৰ ছাত্ৰ সকলে টুলুঙা নাৱেৰে প্ৰায় দুই শ বানাক্ৰান্ত পৰিয়ালৰ ঘৰে ঘৰে গৈ চাউল, দালি,নিমখ,খোৱাপানী আদি বিতৰণ কৰে। বানাক্ৰান্ত পৰিয়াল সমূহলৈ সাহায্য বিতৰণত অভিনেত্ৰী পাকিজা হাচমিয়েও সহযোগিতা আগবঢ়ায়। অভিনেত্ৰী পাকিজা হাচমিয়ে কয় যে বানত আক্ৰান্ত মানুহৰ পৰিস্থিতি অত্যন্ত হৃদয় বিদাৰক।
এই ক্ষেত্ৰত চৰকাৰৰ লগতে ছাত্ৰ-ছাত্ৰী,শিল্পী, কলা-কুশলীৰ লগতে আৰ্থিক ভাৱে স্বচ্ছল লোক সকলক বানত বিপদগ্ৰস্ত লোকৰ ওচৰত থিয় দিবলৈ আহ্বান জনায়। অভিনেত্ৰী গৰাকীয়ে বানাক্ৰান্তৰ মাজত সহায়ৰ হাত আগবঢ়োৱা গ্লোবেল ইনষ্টিউটৰ পৰিচালনা সমিতিৰ কাৰ্যবাহী সঞ্চালক আশ্ৰফ আলী তথা ছাত্ৰ -ছাত্ৰীৰ মানৱ দৰদী পদক্ষেপ আগলৈ থাকিব আশা প্ৰকাশ কৰে। উক্ত সাহাৰ্য্য বিতৰণত পালহাজি আঞ্চলিক কলেজৰ অধ্যক্ষ মজিবুৰ ৰহমান, ৰছুলপুৰৰ নুৰুল হক,আবিদা খাতুন,সাংবাদিক ক্ৰমে মইনুল হক চৌধুৰী, আবুল হুছেইন, ছাইফুল ইছলাম, ছফিকুল ইছলাম উপস্থিত থাকি সাহায্য কাৰ্যত সহায় কৰে ।বানপীড়িতলৈ সহায় কৰাৰ বাবে বৰপেটাৰোডৰ গ্লোবেল ইনষ্টিটিউটৰ শিক্ষক, শিক্ষয়িত্রী তথা ছাত্ৰ ছাত্ৰী আৰু পৰিচালনাৰ সমিতিৰ এই কার্যৰ সকলোৱে শলাগ লয়।
- Log in to post comments
- 8 views