গোৰেশ্বৰৰ প্ৰতিবেদক :
বাক্মা জিলাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ টেঙাজাৰ গাঁৱৰ মাদলবাৰী চুবুৰীত শুক্লাই। নৈয়ে প্ৰবল গড়াখহনীয়া ৰ সৃষ্টি কৰিছে।ভূটান পাহৰৰ পৰা বৈ অহা নৈ খনে প্ৰতি বছৰে দাতি কাষৰিয়া অঞ্চলৰ ৰাইজক আতংকিত কৰি আহিছে। খহনীয়াই ইতিমধ্যে বহু পৰিয়ালৰ ভেটি মাটি উচন কৰি তেওঁলোকক অন্য ঠাইলৈ যাবলৈ বাধ্য কৰিছে।শেহতীয়া বানৰ পিছত নৈ খনৰ খহনীয়াৰ তীব্র ৰূপ দেখি নৈপৰীয়া বহুকেইটা পৰিয়ালে আতংকত বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে।
উপায়হীন উক্ত লোকসকলৰ অন্য ঠাইলৈ যাবলৈও কোনো বিকল্প নথকাত নিজৰ ভাগ্যক ধীয়াই বহি থাকিবলগীয়াত পৰিছে ।বিভাগীয় কৰ্তৃপক্ষই খহনীয়া অঞ্চল পৰিদৰ্শন কৰিছে যদিও বৰ্তমানলৈ কোনো উপযুক্ত ব্যৱস্থা হাতত লোৱা নাই।যিকোনো মুহূৰ্ততে পৰিয়াল কেইটাৰ ভেটি মাটি উচন যাব পৰা আশংকাৰ পৰা মুক্তি বিচাৰি স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ কৰিছে যাতে যিকোনো মূল্যৰ বিনিময়তে তাৎক্ষণিকভাবে খহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কৰি পৰিয়াল কেইটাৰ ভেটি মাটি ৰক্ষা কৰে।
- Log in to post comments
- 3 views