বঙাইগাঁওঃ
চিৰাং আৰু চুবুৰীয়া জিলা সমূহত ড্ৰাগছৰ সৰৱৰাহ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ আৰক্ষী প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ অংশ হিচাপে যোৱা নিশাও (বৃহস্পতিবাৰ) চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দহলাপাৰাস্থিত পৰিত্যক্ত টোলগেটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হয়। আৰক্ষীৰ দলে প্ৰায় ৩০ গ্ৰামৰ ড্ৰাগছৰ দুটা পেকেট, ১ পেকেট ড্ৰাগছ কৰিওৱা কন্টেইনাৰ, ৬ টা মোবাইল ফোন, এখন খুকুৰী, এটা মোবাইল পাৱাৰ বেংক জব্দ কৰাৰ লগতে ড্ৰাগছ সৰৱৰাহত জড়িত পাঁচ যুৱকক আটক কৰে ৷ আৰক্ষীৰ দলে এ এছ ০১ বি ই ৮৫১৪ নম্বৰৰ এখন এল্ট' গাড়ী আৰু এ এছ ১৯ কে ৫৯৯১ নম্বৰৰ এখন মটৰ চাইকেল, নিচাজাতীয় টেবলেট, বেজি লোৱা দুটাকৈ চিৰিঞ্জ আৰু নগদ ১৫ হেজাৰ টকা জব্দও কৰে ৷ চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত বৰকাকতীৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বড়াৰ সহযোগত এই অভিযান চলোৱা হয় ৷ আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰী সকল হৈছে মৈখম ব্ৰহ্ম, বিজু ব্ৰহ্ম, হিমৰাজ ব্ৰহ্ম, মিথিংগা নাৰ্জাৰী আৰু তপণ শীল। তপন শীলৰ ঘৰ নলবাৰী জিলাত ৷ আনহাতে আন সকল যুৱক চিৰাং জিলাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
যোৱা নিশা চিৰাং আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য লক্ষাধিক টকাৰ হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে যোৱা ১৩ জুলাইতো একে ঠাইত অভিযান চলাই চিৰাং আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ তিনিজন ড্ৰাগছ সৰৱৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ বিগত দুমাহত চিৰাং আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ভালেকেইজন ড্ৰাগছ সৰৱৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
ইপিনে নৱ প্ৰজন্মৰ ভবিষ্যতক এন্ধাৰৰ পিনে ঠেলি দিয়া ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীক এই অভিযান অব্যাহত ৰাখিবলৈ জিলাখনৰ সচেতন মহলে আহ্বান জনাইছে ।
- Log in to post comments
- 11 views