বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন :
মানৱতা এতিয়াও যে বৰ্তি আছে তাকে আৰু এবাৰ প্ৰমাণ কৰি দেখুৱালে ভৈৰৱ কলিতা নামৰ ট্ৰাষ্টটোৱে ।যিটো সময়ত জনপ্ৰতিনিধিয়ে বানাক্ৰান্তৰ ওচৰত থিয় হোৱাতো অতি জৰুৰী আছিল সেই সময়তে বানপীড়িত সকলৰ ওছৰত থিয়দিছে এই ভৈৰৱ কলিতা নামৰ ট্ৰাষ্টটোৱে।আজি নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবুকিয়া, বৰগাছা,বৰশীমলুৱা,নখেতি,ক্ষুদ্ৰদিংডিঙি আৰু ভঁৰালটোলা গাঁওকেইখনৰ বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ খৱৰ লোৱাৰ উপৰিও চাউল,দালি,মিঠাতেল,নিমখ আৰু মমবাতি আদি প্ৰায় ১০০০ পৰিয়ালৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে।উক্ত গাঁও কেইখনৰ ৰাইজে ভৈৰৱ কলিতা নামৰ ট্ৰাষ্টটোক অশেষ ধন্যবাদ জনায় আৰু কৃতজ্ঞা জ্ঞাপন কৰে।সাহাৰ্য্য সামগ্ৰী বিতৰণৰ সময়ত উপস্থিত থাকে ভৈৰৱ কলিতা ট্ৰাষ্টৰ অৰূপ কলিতা আৰু নিতুল কলিতাই।
- Log in to post comments
- 11 views