গোলাঘাটৰ পৰা মীনাক্ষি ফুকন
বৃহস্পতিবাৰে 'জীৱনবোধ' বিষয়ক এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় গোলাঘাটৰ পূৰ্বাঞ্চল পথৰ কবি-প্ৰৱক্তা অপূৰ্ব ৰঞ্জন দত্তৰ গৃহমঞ্চত। 'নৰ্থ ইষ্ট এমিটী ট্ৰাষ্ট'ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক,কবি জনাৰ্দন গোস্বামী। 'জীৱনবোধ' সম্পৰ্কত জীৱনৰ উপলব্ধিৰ স্তৱকেৰে অতি সাৰুৱা বক্তব্য আগবঢ়াই সাহিত্যিক গোস্বামীয়ে।সুন্দৰ জীৱনক প্ৰতি মুহূৰ্ততে উপভোগ কৰাৰ আহ্বান জনাই বিশিষ্ট সাহিত্যিকজনে। কবি-প্ৰৱক্তা অপূৰ্বৰঞ্জন দত্তই আঁত ধৰা এই মনোজ্ঞ অনুষ্ঠানত কথাৰ মাজেৰে কবিতা আৰু গীতে উপস্থিত সকলোকে আপ্লুত কৰে।
সভাত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল হ'ল গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা, কবি উপেন্দ্ৰ নাথ দত্ত,জেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, প্ৰাক্তন প্ৰৱক্তা অমৰেন্দ্ৰ নাথ দত্ত ,অৰুণা বৰুৱা।
- Log in to post comments
- 8 views