বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন, ১৭ জুলাই -
নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰ আৰু ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও আজিও জলমগ্ন অৱস্থাত। পথাৰত ভূই ৰোৱাৰ সময়তে হঠাত অহা বানপানীয়ে কৃষকৰ কঠীয়াতলী অনিষ্ট কৰাকে ধৰি খেতিপথাৰৰো ক্ষতি সাধন কৰে।অঞ্চলটোত থকা কেইবাখনো উদ্যান শস্যৰ ফাৰ্ম আৰু পশুধনৰ ফাৰ্ম তথা পুখুৰী আদিকে ধৰি বানপানীয়ে ডুবাই পেলোৱাৰ ফলত কৃষক সকল অসহায় হৈ পৰিছে।
উল্লেখযোগ্য যে এনেকুৱা এটা অৱস্থাটো এতিয়ালৈকে কোনো জনপ্ৰতিনিধিয়ে বানাক্ৰান্ত ৰাইজৰ ওচৰত থিয় হোৱা পৰিলক্ষিত হোৱা নাই। অঞ্চলটোৰ মূল পথ সমুহ ডুবাই পেলোৱাৰ ফলত যোগাযোগ ব্যাহত হৈ পৰিছে সেয়ে মানুহ তথা পশুধনে খাদ্যসামগ্ৰীৰ বাবে হাহাকাৰ কৰি ফুৰিছে। সেয়ে অঞ্চলটোৰ ৰাইজে অতিশীঘ্ৰে চৰকাৰ তথা জনপ্ৰতিনিধিক অঞ্চলটো পৰিভ্ৰমণ কৰি সহায় আগবঢ়াৱলৈ দাবী উত্থাপন কৰে।
- Log in to post comments
- 13 views