আজিও বানৰ কবলত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চল

kamrup dakhin

দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰৰ প্রতিবেদন : 

সমগ্র ৰাজ্যজুৰি বানৰ বিভীষিকাৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইতো দেখিবলৈ পোৱা গৈছে বানৰ তাণ্ডৱ।মহানগৰীৰ সমীপৱৰ্তী পলাশবাৰী , ছয়গাওঁ,বকো সমষ্টিৰ মাজেৰিগাওঁ,হুদুমপুৰ,কন্দলপাৰা,বৰটাৰী,সাপৰতাৰী,পানীখাইটি,সোনতলি,গৰৈমাৰী,কালাতলী  আদিকে ধৰি বিভিন্ন অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে জলমগ্ন হৈয়েই আছে।হাহাকাৰময় পৰিস্থিতিত মাজত মথাউৰিত শিবিৰ পাতি  দিন কটাইছে বানাক্ৰান্তই।

kamrupমাটি ভেটি,ঘৰ সকলো এতিয়া খহনীয়াত জাহ যোৱাৰ পিছত ত্ৰাহি মধু সুধন দেখিছে বানাক্ৰান্তই।আজি যদিও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু কমা দেখিবলৈ পোৱা গৈছে তথাপিও ছয়গাওঁ আৰু পলাশবাৰী সমষ্টিৰ মধ্যভাগত ৰাতিপুৱাৰেই পৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ খহনীয়া।

kamrup2ফলত যোগাযোগ বিচ্ছিন্ন হৈছে ২০খনতকৈও অধিক গাওঁৰ।তাৰোপৰি পুৱতিনিশা অহা ধুমুহা বৰষুণৰ বাবেই হাহাকাৰ লাগিছে বানপীড়িত জনতাৰ  মাজত।এতিয়াও স্থানীয় বিধায়ক বা প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ পোৱা গৈছে। 

Your Comments