ৰঙিয়া পৌৰসভা চৌহদত নৱমিৰ্মিত ৰাজহুৱা শৌচালয়ৰ আজি শুভউদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই ৷ ২০১৬-২০১৭ বিত্তীয় বৰ্ষৰ অনুমোদিত ১০ লাখ টকা ব্যয়সাপেক্ষে এই ৰাজহুৱা শৌচালয়টো নিৰ্মাণ কৰা হয় ৷
অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীগৰাকীয়ে নাৰিকল ভাঙি আৰু ফিটা কাটি এই ৰাজহুৱা শৌচালয়টো উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কলিতাই কয় যে ৰঙিয়াবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ আজি কিছু পৰিমাণে হ'লেও সমাধান হ'ল ।
পৰৱৰ্তী সময়ত ৰঙিয়া চহৰত আন কেইবাটাও শৌচালয় নিৰ্মাণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে ব্যক্ত কৰে ৷
আজিৰ কাৰ্যসূচীটোত জনস্বাস্থ্য বিভাগৰ কাৰ্যবাহী অভিযন্তা, কাৰ্যবাহী বিষয়া সুৰজিৎ বৰা, অভিযন্তা বসন্ত ডেকা, ৰঙিয়া পৌৰসভাৰ পৌৰপতি সীমা বৈশ্য, উপ-পৌৰপতি ফজনুৰ হক, পৌৰসদস্য প্ৰদীপ কাকতি, হাচনাৰা বেগম, বিজেপিকৰ্মী নলীনি বৰুৱা, সুবল পাল, শিশিৰ ভাগৱতীসহ বহু কেইগৰাকী বিজেপিকৰ্মী উপস্থিত থাকে ।
- Log in to post comments
- 31 views