ওদালগুৰি জিলাৰ কলাইগাঁৱস্থিত ৰাজ্যিক চিকিৎসালয়খন বিলুপ্তি কৰি নৱনিৰ্মিত কলাইগাঁও আদৰ্শ চিকিৎসালয়ৰ লগত একেলগ কৰিব বিচৰা খবৰে কলাইগাঁও অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
এই কাৰ্যৰ প্ৰতিবাদ জনাই আজি অঞ্চলটোৰ কেইবাটাও জাতীয় আৰু ছাত্ৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক নেতা-কৰ্মীৰ নেতৃত্বত স্থানীয় আছু, যুৱ-ছাত্ৰ পৰিষদ, আৰছু, এবছু, আক্ৰাছু, কেন্দুকলাই সাহিত্য সমাজ, কলাইগাঁও লেখিকা সমাৰোহ আদি সংগঠনৰ নেতা-কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
ওদালগুৰি জিলা কৃষক মুক্তিৰ সভাপতি দীপক শৰ্মা, যুটীয়া সম্পাদক সৎৰাম ডেকা, পংকজ অসমীয়াৰ নেতৃত্বত শতাধিক নেতা-কৰ্মীৰ লগতে সমাজকৰ্মী কমিৰাম চহৰীয়া, মহেন্দ্ৰ শইকীয়াকে ধৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিৰঞ্জন সিঙো এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ।
পুৱা ১১ বজাৰ পৰা ১ বজালৈ কলাইগাঁও ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত অৱস্থান কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে চিকিৎসালয়খন কোনো কাৰণতে স্থানান্তৰিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ৷
লগতে আদৰ্শ চিকিৎসালয়খন সুকীয়াকৈ অত্যাধুনিক সা-সৰঞ্জামেৰে গঢ় দিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায় । আনহাতে, চিকিৎসালয়খন বিলুপ্তি কিম্বা হস্তান্তৰ নকৰিবলৈ গণস্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ লগতে বিভিন্ন দাবী সন্নিৱিষ্ট এখন স্মাৰক-পত্ৰ চক্ৰ বিষয়া বিৰাজ বৰুৱাক প্ৰতিবাদকাৰীসকলে প্ৰদান কৰে ।
- Log in to post comments
- 141 views