অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ দেশৰ ৰাজনীতি বৰ্তমান তুংগত। ৰাজনৈতিক দলসমূহে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লৈছে এন আৰ চিক। তৃণমূল কংগ্ৰেছকে লৈ বিৰোধী দলসমূহে বিজেপিক আঘাত কৰাৰ স্বাৰ্থত এন আৰ চিক ৰাজনৈতিক ইছ্যু কৰিছে।
বিজেপিয়েও নিজৰ শক্তি বৃদ্ধি কৰিবলৈ বিষয়টো ব্যৱহাৰ কৰিছে। শনিবাৰে অনুষ্ঠিত কলকাতাৰ সমাবেশত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰিলে যে বিৰোধীয়ে বিৰোধিতা কৰিলেও অসমত এন আৰ চি হ'বই। অমিত শ্বাহে হুংকাৰ দিলে, দেশ এৰি যাবই লাগিব বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে।
একেজন অমিত শ্বাহে আকৌ স্পষ্ট কৰি দিলে যে হিন্দু শৰণাৰ্থীৰ কোনো লোকচান নহয়। শৰণাৰ্থীসকলক সম্পূৰ্ণ সুৰক্ষা দিয়া হ'ব। বিজেপিৰ সভাপতিগৰাকীয়ে অধিক স্পষ্ট কৰি ক'লে যে হিন্দুসকল শৰণাৰ্থী। তেওঁলোক এই দেশতে থাকিব।
কলকাতাত ৰাজনীতি কৰিবলৈ গৈ অমিত শ্বাহে উদাত্ত কণ্ঠেৰে ঘোষণা কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত কৰাবই। নিজৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত অসমৰ এন আৰ চিক লৈ ৰাজনীতি কৰি অহা ৰাজনৈতিক দলসমূহৰ দুমুখীয়া চৰিত্ৰই অসমৰ মানুহক বিপাঙত পেলাইছে।
- Log in to post comments
- 7 views