অম্বুবাচীৰ নিবৃত্তি : হেজাৰ হেজাৰ ভক্তৰ সমাগমেৰে উখল মাখল নিলাচল পাহাৰ

ambubashi

নিউজ ডেস্ক :
 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি পুৱা ৫.১৫ বজাত ভক্তৰ বাবে পুনৰ খোলা হয় কামাখ্যা মন্দিৰৰ মূল দ্বাৰ। যোৱা ২২ জুনৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তিৰ বাবে বন্ধ ৰখা মন্দিৰৰ মূল দ্বাৰ আজি ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ লগে লগে শক্তিপীঠ খনত সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ। পূৰ্বৰ দৰে এইবাৰো দেশৰ লগতে বিদেশৰ পৰাও যথেষ্ঠ ভক্তই আহি অংশগ্ৰহণ কৰিছে অম্বুবাচীত । আজি পুৱাই ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিধায়িকা আঙুৰলতা ডেকাই দর্শন কৰে মন্দিৰ।অম্বুবাচীৰ সময়ছোৱাত ভক্তসকলৰ বাবে সু-ব্যৱস্থা কৰাৰ বাবে কামাখ্যা দলৈ সমাজক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

আনহাতে বিগত বছৰ সমূহৰ দৰে এইবাৰো অসম পৰ্যটন নিগমে অম্বুবাচীৰ সময়ছোৱাত ভক্ত সকলৰ বাবে গ্ৰহণ কৰিছিল বিশেষ ব্যৱস্থা। সেই অনুসৰি আজি ২৬ আৰু ২৭জুনত ৫০১টকা মূল্য বিশিষ্ট বিশেষ টিকটৰ ব্যৱস্থা বন্ধ থাকিব।ইয়াৰ উপৰিও সেনাবাহিনী বাবে থকা ৫০টকাৰ মূল্য টিকটৰ ব্যৱস্থায়ো অহা ৩০জুনলৈকে বন্ধ থাকিব বুলি জানিব পৰা গৈছে। এই সময়ছোৱাত সকলো লোকে সাধাৰণ ব্যক্তিৰ দৰে মন্দিৰ দর্শনলৈ যাব লাগিব।
ইফালে আজি মাৰ আশীষ লৈ পৰ্যটন বিত্ত নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অম্বুবাচী শান্তিপূৰ্ণ ভাৱে সমাপ্ত কৰাত সকলো বিভাগৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনায়।লগতে স্কাউড গাইড সদস্য সকলেও শান্তি শৃংখলা বজাই ৰখাৰ বাবে লোৱা প্ৰদক্ষেপক ধন্যবাদ জনাই অধ্যক্ষ বৰুৱাই।
 আনহাতে মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি আজি আবেলি ৪.৩০ বজালৈকে ভক্তসকলৰ বাবে মন্দিৰ দর্শন মুকলি থাকিব।

Your Comments

Related Articles