শিৱসাগৰত 'সেউজ কোঁৱৰ' পৰাগ চলিহাদেৱলৈ শ্ৰদ্ধাঞ্জলি 

sibsagar

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ

স্বাধীনোত্তৰ কালৰ অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, ৰাজনীতি, ক্ৰীড়া আৰু সমাজ সংস্কাৰৰ এগৰাকী স্বনামধন্য ব্যক্তি, অসমৰ এক উজ্জল নক্ষত্ৰ ' সেউজ কোঁৱৰ ' পৰাগ চলিহাদেৱৰ বিংশতম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । সেউজ কোঁৱৰৰ সপোনৰ আঁচনি শিৱসাগৰ কালীবাৰীৰ চাও-ল্যুং চ্যুকাফা ইনড'ৰ ষ্টেডিয়াম প্ৰাঙ্গনত থকা সেউজ কোঁৱৰৰ আৱক্ষ মূৰ্তিৰ স্থলিত শুক্ৰবাৰে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে চলিহা দেৱৰ সহধৰ্মিণী দীপালী চলিহাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰ জিলা উপায়ুক্ত ডা: লক্ষ্মণন এছ, লক্ষ্মীকান্ত মহন্তকে ধৰি ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে ।sib


মৃত্যু দিৱসৰ দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি কাৰ্যসূচী সামৰা হয় যদিও মৃত্যু দিৱসৰ মূল কাৰ্যসূচী ৩০ জুনত অনুষ্ঠিত হ'ব । সেইদিনা প্ৰয়াত সেউজ কোঁৱৰৰ সমুহ ৰচনাৱলী কিতাপ আকাৰে প্ৰকাশ কৰি উন্মোচন কৰা হ'ব । শিৱসাগৰ নাট্য মন্দিৰত ড° নগেন শইকীয়াই উন্মোচন কৰিব এই ৰচনাৱলী । ইয়াৰোপৰি নৱ প্ৰজন্মকে মুখ্য কৰি সমাজৰ মাজত সেউজ কোঁৱৰৰ আদৰ্শ, কৰ্মৰাজি, দৰ্শনক অবিস্মৰণীয় কৰি ৰাখিবৰ বাবে তেখেতৰ সুৰাৰোপিত গী-মাত-নৃত্য প্ৰদৰ্শন কৰা হব।

Your Comments