সোণাৰিত পথ নিৰাপত্তা আৰু সুৰক্ষা ওপৰত কৰ্মশালা

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্ৰতিবেদন :
চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বিভিন্ন সময়ত সংঘটিত হৈ থকা দুৰ্ঘটনাৰ সমুহ কেনেকৈ প্ৰতিৰোধ হ'ব পাৰে এই সম্পৰ্কত  বিস্তৃত ভাবে চৰ্চা কৰিবলৈ আজি সোণাৰিত এক ব্যতিক্ৰমী কৰ্মশালা অনুষ্ঠিত হৈ যায়। চৰাইদেউ জিলা পথ নিৰাপত্তা সমিতি উদ্যোগত পথ নিৰাপত্তাৰ ওপৰত সজাগতা আনিব বাবে সোণাৰিৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত কৰ্মশালাত  জিলা উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে পথ নিৰাপত্তাত আত্ম সজাগতা তথা পৰিবহন আইন মানি‌ যান-বাহন ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়।sonari2

জনসংযোগ বিষয়া জয়ন্ত মাউতে পৰিচালনা কৰা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে । সভাত শিৱসাগৰ জিলা পৰিবহন বিষয়া সদানন্দ গগৈয়ে বিশেষভাৱে যান বাহন আইন আৰু নিয়মাৱলী সম্বন্ধীয় তথ্যপাতি  কৰ্মশালা খনত প্ৰদৰ্শন কৰে।অন্যহাতে সভাত ডঃ এচ ভাগৱতী, অধ্যাপক সুশীল কুমাৰ চুড়ী, সোণাৰি মহাবিদ্যালয় অধ্যক্ষ বিমল গগৈ, চৰাইদেউ জিলা পৰিষদৰ বন্তি কোঁৱৰ, মহকুমা স্বাস্থ্য বিষয়া ডঃ নৃপেন বৰুৱা, উপ আৰক্ষী অধীক্ষক বিভাস দাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Your Comments